NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটা ৩নং মাকুম পথাৰত এজন সন্ধানহীন, শুংসূত্ৰ উলিওৱাত ব্যৰ্থ আৰক্ষী

Posted by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা December 31, 2021 4:02 pm

মাৰ্ঘেৰিটা ৩নং মাকুম পথাৰস্থিত ৰাজেশ কালুবাৰ(৪৫) নামৰ ব্যক্তিজন ২৬ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছে। পুৱা ৯-৩০ বজাত নিজ গৃহৰ পৰা পাইনাৰমিলৰ ফালে ওলাই যাওঁ‌ বুলি পত্নীক কৈ যোৱাৰ পিছৰে পৰা লোকজন নিৰুদেশ হৈ পৰে।

এগৰাকী কন্যা (১৯) আৰু এজন এজন পুত্ৰৰ পিতৃ ৰাজেশ কালুবাৰ।

তেওঁৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীত থানাত ২৮ ডিচেম্বৰত এখন এজাহাৰ দাখিল কৰিছে যদিও এই মূহুৰ্তলৈকে কোনো শুংসূত্ৰ বাহিৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

লোক জন ৫ ফুট ৫ ইঞ্চি, মাগুৰি বৰণীয়া, ব্যক্তিজনৰ সন্ধানহীন হোৱাৰ ঘটনাই  চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শ্ৰমিক ৰাজেশৰ নিখোজ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কোনো লোকে ৰাজেশৰ সন্ধান পালে আৰক্ষী নতুবা পৰিয়ালৰ লোকক খবৰ দিবলৈ পৰিয়ালে আহ্বান জনাইছে। পৰিয়ালৰ যোগাযোগৰ নম্বাৰ ৯৩৯৫০৯১২২৬ ।