NORTHEAST NOW (Assamese)
Popular Stories

এইবাৰ সমাজবাদী পাৰ্টিৰ ‘পি জৈন’ৰ গৃহত অভিযান আয়কৰ বিভাগৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 31, 2021 4:17 pm
Modi vs akhilesh yadav

উত্তৰ প্ৰদেশৰ ব্যৱসায়ী ‘পি জৈন’ৰ গৃহত কৰ অভিযানক কেন্দ্ৰ কৰি শাসনাধিষ্ঠ বিজেপি আৰু সমাজবাদী পাৰ্টিৰ বাকবিতণ্ডাৰ কেইদিনমান পিছতে আজি সমাজবাদী পাৰ্টিৰ সদস্য হিচাপে পৰিচিত আন এজন ‘পি জৈন’ পুষ্পৰাজ ‘পাম্পি’ জৈনৰ গৃহত আজি পুৱা আয়কৰ বিভাগে অনুসন্ধান চলায়।

উত্তৰ প্ৰদেশ, দিল্লী আৰু মুম্বাইত প্ৰায় ৫০ টা স্থানত সুগন্ধি, পেট্ৰ’ল পাম্প আৰু শীতল সংৰক্ষণ ব্যৱসায়ৰ গৰাকী ব্যৱসায়ীজনে কিছুদিন পূৰ্বে আগন্তুক উত্তৰ প্ৰদেশ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ‘সমাজবাদী পাৰ্টি পাৰফিউম’ আৰম্ভ কৰিছিল।

সমাজবাদী পাৰ্টিয়ে টুইটাৰত এই অভিযানৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়: “যোৱাবাৰ ভুলৱশত: বৃহৎ বিফলতাৰ পিছত এইবাৰ বিজেপিৰ চূড়ান্ত সহযোগী আয়কৰ বিভাগে অৱশেষত সমাজবাদী পাৰ্টিৰ পুষ্প ৰাজ জৈন আৰু কনৌজৰ অন্যান্য সুগন্ধি ব্যৱসায়ীসকলৰ ঠাইত অভিযান চলাইছে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বিজেপিয়ে ভয় খাই কেন্দ্ৰীয় সংস্থাসমূহৰ মুকলিকৈ অপব্যৱহাৰ কৰাটো সচৰাচৰ হয়। মানুহে সকলো চাই আছে, তেওঁলোকে ভোটৰ দ্বাৰা উত্তৰ দিব।”

উল্লেখ্য যে পীয়ুষ জৈনৰ কানপুৰ আৰু কনৌজ চৌহদত অভিযানত বৃহৎ পৰিমাণৰ ধন আৰু সোণ উদ্ধাৰ হোৱাৰ পিছত বিজেপিয়ে অভিযোগ কৰিছিল যে পীয়ুষ জৈনে অলপতে সমাজবাদী সুগন্ধি মুকলি কৰিছিল। বিৰোধী দলটোক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কানপুৰত কয় যে ২০১৭ চনৰ আগতে সমাজবাদী পাৰ্টিয়ে সমগ্ৰ উত্তৰ প্ৰদেশত ছটিয়াই দিয়া দুৰ্নীতিৰ সুগন্ধি সকলোৱে দেখিবলৈ পাইছে।

ইয়াৰ প্ৰত্যুত্তৰ দি সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে কয় যে বিজেপিয়ে ব্যৱসায়ী পীযুষ জৈনক সমাজবাদী পাৰ্টিৰ পুষ্পৰাজ জৈন বুলি ভুলবশত: অনুসন্ধান কৰিছে। পীযুষ জৈনৰ সৈতে কোনো সম্পৰ্ক অস্বীকাৰ কৰি তেওঁ কয় যে বিজেপিয়ে নিজৰ ব্যৱসায়ীক ভুলবশতঃ অভিযান চলাইছিল।

অভিযানৰ পিছত পুষ্পৰাজ জৈনে সংবাদ মাধ্যমৰ আগত কয় যে পীযুষ জৈনৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই আৰু তেওঁ এই নিম্ন স্তৰৰ ৰাজনীতিৰ বাবে দুখিত।