NORTHEAST NOW (Assamese)
অসম

অমিক্ৰনৰ পিছত এইবাৰ কোভিডৰ নতুন প্ৰজাতি “ফ্লোৰোনা”,ইজৰাইলত চিনাক্ত প্ৰথমগৰাকী ৰোগী

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 1, 2022 5:25 pm

অমিক্ৰনৰ পিছত এইবাৰ কোভিডৰ নতুন প্ৰজাতি “ফ্লোৰোনা” ৰ উৎপত্তি!

বিশ্বৰ ১০০ খনৰো অধিক দেশত কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে কোভিডৰ নতুন প্ৰজাতি “ফ্লোৰোনা” ই নতুন আতংকৰ সৃষ্টি কৰিছে।

ইজৰাইলত “ফ্লোৰোনা” ৰ প্ৰথমটো ঘটনা চিনাক্ত হৈছে। “ফ্লোৰোনা” কোভিড আৰু ইনফ্লুৱেঞ্জাৰ মিশ্ৰিত সংক্ৰমণ বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।

ইফালে, ইজৰাইলৰ চৰকাৰে দেশ খনত কোভিডৰ বিৰুদ্ধে চতুৰ্থ ভেকছিন বুষ্টাৰ ডজ প্ৰদানৰ কাম আৰম্ভ কৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ মহা নিৰ্দেশক নাচমান এছে আজি অমিক্ৰন সংক্ৰমণৰ ঢৌৰ বাবে ৰোগ প্ৰতিৰোধৰ শক্তি কম থকা লোকসকলৰ বাবে বুষ্টাৰ ডজ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে।

ইজৰাইলত কালি প্ৰায় ৫ হাজাৰ লোক কোভিডত আক্ৰান্ত হৈছে।

কোভিডৰ নতুন প্ৰজাতি “ফ্লোৰোনা” ৰ লক্ষণসমূহ কোভিডৰ আন প্ৰজাতিৰ দৰেই যদিও “ফ্লোৰোনা” ত আক্ৰান্ত হোৱা জনৰ দেহত ইনফ্লুৱেঞ্জাৰ লক্ষণেও দেখা দিয়ে।