NORTHEAST NOW (Assamese)
অসম

বোকাখাতত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড : লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত

Posted by: উত্তম শইকীয়া ,বোকাখাত Updated by: উত্তম শইকীয়া ,বোকাখাত January 2, 2022 8:54 pm

নৱবৰ্ষৰ প্ৰথম আৰু দ্বিতীয় দিনটোতে বোকাখাত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘৰ্টিত হয়৷

১ জানুৱাৰীৰ মাজ নিশা বোকাখাতৰ গেলেকীত থকা এটা নতুনকৈ নিৰ্মাণ কৰা এটা পৰ্যটক নিৱাস গৃহত অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয় ৷

মাজনিশা হোৱা এই অগ্নিকাণ্ডত পৰ্যটক নিৱাসটো সম্পুৰ্ণ ৰূপে ধ্বংস হোৱাৰ উপৰি প্ৰায় ২০ লক্ষাধিক টকাৰ সম্পত্তি অগ্নিত জাহ যায় ৷ মাজ নিশাই বোকাথাতৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয় ৷

অগ্নিত যাহ যোৱা পৰ্যটক নিৱাসটো লোক নিৰ্মাণ বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া শান্তনু ভট্টচাৰ্যৰ বুলি জানিব পৰা গৈছে ৷

ইফালে নৱবৰ্ষৰ দ্বিতীয় দিনা দেওবাৰে বোকাখাতৰ ধনশিৰিমুখৰ জিৰন্তী পেগু নামৰ মহিলা গৰাকীৰ বাসগৃহতো অগ্নিকাণ্ডৰ ঘটনা সংঘৰ্টিত হয় ৷ অগ্নিকাণ্ডত একেখন বাৰীতে থকা দুটা আবাসগৃহ সম্পূৰ্ণ জাহ যায়।

অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱাৰ উপৰি অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে বিশাল পেগু নামৰ এজন যুৱকৰ।

অগ্নিকাণ্ডৰ সময়ত ঘৰৰ ভিতৰত শুই আছিল যুৱকজন। পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় বোকাখাত অগ্নি নিৰ্বাপক বাহিনীয়ে । বোকাখাতৰ এই দুয়োটা অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷