NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত এম্বুলেঞ্চ প্ৰদান কৰি চৰকাৰক সমালোচনা সাংসদ গৌৰৱ গগৈৰ

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ January 3, 2022 2:49 pm

কলিয়াবৰত এম্বুলেঞ্চ প্ৰদান কৰি চৰকাৰক তীক্ষ্ণ সমালোচনা কৰিলে সাংসদ গৌৰৱ গগৈয়ে।

স্বাস্থ্য বিভাগে কৰিব লগা কাম এতিয়া বিৰোধী দলৰ সাংসদ, বিধায়কে কৰিব লগা হৈছে বুলি চৰকাৰক সমালোচনা কৰে সাংসদ গৰাকীয়ে।

সোমবাৰে কলিয়াবৰৰ জখলাবন্ধা চিকিৎসালয়ৰ লগতে জুৰীয়া আৰু ৰূপহী অঞ্চলতো একোখনকৈ এম্বুলেঞ্চ প্ৰদান কৰে সাংসদ গৰাকীয়ে।

সাংসদ এলেকা উন্নয়ন পুজিৰে জখলাবন্ধা চিকিৎসালয়লৈ এম্বুলেঞ্চৰ লগতে অক্সিজেন চিলিণ্ডাৰকে ধৰি যাবতীয়া সা-সঁজুলিও প্ৰদান কৰে সাংসদ গৌৰৱ গগৈয়ে।

বৰ্তমানৰ চৰকাৰ খনক দুখীয়া বিৰোধী চৰকাৰ বুলিও অভিহিত কৰে সাংসদ গৌৰৱ গগৈয়ে।

বৰ্তমানৰ ৰাজনীতিকসকল ক্ষমতাৰ খকত বলীয়ান বুলি কটাক্ষ কৰে সাংসদ গৰাকীয়ে।

ইফালে জনজাতিকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰে জনজাতি সকলক প্ৰৱঞ্চনা কৰাৰ লগতে মিথ্যাচাৰৰ আশ্ৰয় লৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে।