NORTHEAST NOW (Assamese)
অসম

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত সচিবালয়ৰ কৰ্মচাৰী

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী January 4, 2022 2:17 pm

অসম সচিবালয়ৰ এগৰাকী কৰ্মচাৰীক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।

উৎকোচ লওঁতেই হাতে-লুটে গ্ৰেপ্তাৰ হৈছে সীমা দেৱী নামৰ অসম সচিবালয়ৰ কৰ্মচাৰী গৰাকী।

এগৰাকী লোকৰ পৰা ৪ হাজাৰ টকাৰ উৎকোচ লোৱাৰ অভিযোগ সীমা দেৱীৰ বিৰুদ্ধে।

অভিযানকাৰী দলে সীমা দেৱীৰ বেগত লাভ কৰিছে ৯৯ হাজাৰ টকা।

সচিবালয়ৰ ভৈয়াম জনজাতি কল্যাণ বিভাগৰ জ্যেষ্ঠ সহায়ক পদত আছিল সীমা দেৱী।

দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে সীমা দেৱীক।

চাৰি হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে লোকজনৰ লগত ছদ্মবেশ ধৰি যোৱা দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰে সীমা দেৱীক।

বৰ্তমান ভঙাগড়স্থিত দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্য্যালয়লৈ নিয়া হৈছে সীমাক।

মঙ্গলবাৰে দুপৰীয়া ভাগত গ্ৰেপ্তাৰ হয় সীমা দেৱী।