NORTHEAST NOW (Assamese)
দেশ

বুল্লি বাই কাণ্ড: মূল অভিযুক্তক উত্তৰাখণ্ডৰ পৰা আটক কৰিলে মুম্বাই পুলিচে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 4, 2022 6:04 pm
Bulli Bai

নৱবৰ্ষৰ প্ৰথম দিনাই সমগ্ৰ দেশতে খলকনি তোলা বিতৰ্কিত ‘বুল্লি বাই’ কাণ্ডৰ মুখ্য অভিযুক্ত এগৰাকী মহিলাক উত্তৰাখণ্ডৰ আটক কৰিছে মুম্বাই আৰক্ষীয়ে। মহিলাগৰাকীক ইতিমধ্যে তদন্তৰ বাবে মুম্বাইলৈ অনা হৈছে।

ট্ৰেঞ্জিট ৰিমাণ্ডৰ বাবে মহিলাগৰাকীক উত্তৰাখণ্ড আদালতত হাজিৰ কৰা হ’ব।

উল্লেখ্য সোমবাৰে বাংগালুৰুৰ পৰা আৰক্ষীয়ে এজন ২১ বছৰীয়া অভিযান্ত্ৰিক ছাত্ৰক আটক কৰিছিল। আৰক্ষীয়ে প্ৰাথমিক সোধ-পোচৰ অন্তত দুয়ো অভিযুক্তই পৰস্পৰক চিনি পায় বুলি প্ৰকাশ কৰিছে।

দুয়ো অভিযুক্ত সামাজিক মাধ্যম ফেচবুক আৰু ইনষ্টাগ্ৰামত বন্ধু হিচাপে আছে।

মহিলাগৰাকীয়ে বুল্লি বাই এপ বিতৰ্কৰ সৈতে সম্পৰ্কিত তিনিটা একাউণ্ট চম্ভালি আছিল।

সহ-অভিযুক্ত বিশাল কুমাৰে খালচা চুপ্ৰেমিষ্ট নামৰ এটা একাউণ্ট খুলিছিল। ডিচেম্বৰত বিশালে একাউণ্টৰ নাম সলনি কৰি শিখ নাম এটাৰে পুনৰ নামাকৰণ কৰিছিল।

ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আৰু তথ্য প্ৰযুক্তি আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত বুল্লি বাই সংক্ৰান্তত অজ্ঞাত অপৰাধীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।