NORTHEAST NOW (Assamese)
অসম

জখলাবন্ধাত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ, উদ্ধাৰ ৩৫ টা গৰু

Posted by: ৰিদিপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা, কলিয়াবৰ January 5, 2022 12:50 pm
Assam

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ চিণ্ডিকেট। আৰক্ষীৰ চকুত ধুলি দি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ অবৈধ ভাৱে সৰবৰাহ হৈ আছে গোধন।

বুধবাৰে পুৱতি নিশা কলিয়াবৰৰ জখলাবন্ধা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰে এখন চোৰাং গৰু ভৰ্তি ট্ৰাক।

যোৰহাটৰ পৰা যোৰাবাটলৈ ৩৫ টা গৰু কঢ়িয়াই অনা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে AS 01 FC 7912 নম্বৰৰ ট্ৰাকখন।

চোৰাং গৰু সৰবৰাহত জড়িত তিনিজন লোককো আটক কৰে আৰক্ষীয়ে। ধৃত লোক কেইজন হ’ল- মফিজুদ্দিন, আৰিফুল ইছলাম আৰু ৰফিকুল ইছলাম।

জব্দকৃত গৰু সমূহ ইতিমধ্যে গোশালালৈ প্ৰেৰণ কৰিছে জখলাবন্ধা আৰক্ষীয়ে।

গোধন সুৰক্ষাৰ বাবে শাসকীয় দল তথা চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো ৰাজ্যত কিদৰে অবৈধ ভাৱে গৰুৰ চোৰাং সৰবৰাহ অব্যাহত আছে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।