NORTHEAST NOW (Assamese)
অসম

কৰ’নাত আক্ৰান্ত গুৱাহাটীৰ সাংসদ কুইন ওজা; জিএমচিএইচত ভৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 6, 2022 8:38 pm
index.jpgaaa-750x375

গুৱাহাটীৰ সাংসদ কুইন ওজা কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। বৰ্তমান চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছে।

সাংসদ গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈছে।

ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি সাংসদ গৰাকীয়ে নিজেই কোভিড পজিটিভ হোৱাৰ কথা সদৰি কৰিছে।

তেওঁৰ শৰীৰত কোভিড-১৯ৰ মৃদু উপসৰ্গ দেখা দিয়াৰ পাছত পৰীক্ষা কৰাত ৰিপ’ৰ্ট পজিটিভ আহে।

সাংসদগৰাকীয়ে যোৱা কেইদিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাইছে।