NORTHEAST NOW (Assamese)
অসম

যোৰহাট আৰক্ষীৰ বৃহৎ সাফল্য; নিচাযুক্ত টেবলেটসহ আটক চাৰিজন যুৱক

Posted by: এন ই নাও নিউজ, যোৰহাট Updated by: এন ই নাও নিউজ, যোৰহাট January 7, 2022 7:13 am
Jorhat drugs case

যোৰহাট আৰক্ষীয়ে বৃহস্পতিবাৰে ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে।

যোৰহাট আৰক্ষীৰ মহিলা উপ আৰক্ষী অধীক্ষক মামণি হাজৰিকাই চলোৱা এই বৃহৎ অভিযানত আৰক্ষীয়ে এই সাফল্য লাভ কৰে।

পশ্চিম যোৰহাটত এটাৰ পিছত আন এটা অভিযানত সাফল্য লাভ কৰে ডি এছ পি মামনি হাজৰিকাই।

যোৰহাটৰ পানীচকুৱাত বৃহস্পতিবাৰে নিচাযুক্ত টেবলেটসহ  চাৰিজন যুৱকক আটক কৰে ডি এছ পি মামনি হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ অভিযানকাৰী দলে।

মহিলা আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত চলা অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযানৰ পাছত পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত সমূহ অপৰাধীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছে মহিলা আৰক্ষী বিষয়াগৰাকী l