NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মণিপুৰৰ মুখ্যমন্ত্ৰী-ৰাজ্যপালক সাক্ষাৎ কনৰাড চাংমাৰ

Posted by: এনই নাও নিউজ April 8, 2018 12:18 pm
ConradNa

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই শনিবাৰে সন্ধিয়া মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লা আৰু মুখ্যমন্ত্ৰী এন বীৰেন সিঙক সাক্ষাৎ কৰে।

মেঘালয় চৰকাৰৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নৱ নিযুক্ত মুখ্যমন্ত্ৰী চাংমাই সৌজন্যতামূলকভাৱে ইম্ফলত এই বৈঠকত অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য এই সাক্ষাতৰ সময়ছোৱাতে মেঘালয়ৰ মুখ্য মন্ত্ৰী গৰাকীয়ে মণিপুৰৰ ৰাজ্যপাল হেপতুল্লাক ৰাজ্যখনলৈ আমন্ত্ৰণ জনাই পৰ্যটনৰ প্ৰসাৰ, নাৰী সবলীকৰণৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ বিকাশৰ বাবে পৰামৰ্শ দিবলৈ আহ্বান জনায়।

ConradBirenআনহাতে ৰাজ্যপাল গৰাকীয়েও কনৰাড চাংমাৰ পিতৃ তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ অঘিতোক চাংমাৰ সৈতে থকা মধুৰ সম্পৰ্কৰ স্মৃতি ৰোমন্থন কৰে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে কনৰাড চাংমাই মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে আন্তঃৰাজ্যিক সমস্যাৰ লগতে অন্যান্য কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি উত্তৰ- পূবৰ উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰি যাব বুলি ঐকমত্যত উপনীত হয়।