NORTHEAST NOW (Assamese)
উত্তৰ-পূব

প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিয়ে জোকাৰি যাব উত্তৰ- পূৰ্বাঞ্চলকঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান

Posted by: এনই নাও নিউজ April 8, 2018 12:59 pm
India

আজিৰে পৰা সমাগত প্ৰায় পাঁচদিনলৈ উত্তৰ- পূৰ্বাঞ্চলত অব্যাহত থাকিব প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি। —এই পূৰ্বানুমান প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।

বতৰ বিজ্ঞান বিভাগৰ পৰা প্ৰকাশ কৰা অনুসৰি আজিৰে পৰা অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু অঞ্চলত আৰম্ভ হ’ব ধুমুহা আৰু শিলাবৃষ্টি। তদুপৰি পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িশা আৰু বিহাৰতো অনুৰূপ ধৰণৰ বতৰে দেখা যাব।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আজি বিভিন্ন অঞ্চলত বিজুলী- ঢেৰেকণি অব্যাহত থকাৰ মাজতে ছিমিম, উত্তৰাখণ্ড, ওড়িশা, পশ্চিমবংগ, বিহাৰ, উত্তৰ উত্তৰ প্ৰদেশৰ লগতে পঞ্জাৱৰ কিছু কিছু ঠাইত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

আনহাতে ৯ এপ্ৰিলত জম্মু-কশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, কেৰালা, হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীত ধুমুহা গাজনিৰে শিলাবৃষ্টি হ’ব পাৰে। ১০ এপ্ৰিলতো একে ধৰণৰ বতৰ দেখা যাব।

ইয়াৰ বিপৰীতে ১১ এপ্ৰিলত পশ্চিমবংগ, ছিকিম, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কোনো কোনো অংশত প্ৰচণ্ড ধুমুহা- শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

সেয়েহে এই সময়ছোৱাত জনসাধাৰণক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।