NORTHEAST NOW (Assamese)
অসম

Encounter: বিশ্বনাথত পুনৰ সংঘটিত হ’ল এনকাউন্টাৰৰ ঘটনা; আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া চুজল ওৰফে শিৱা ভূঞা

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ January 8, 2022 9:13 am
Drugs Mafia Siba Bhuyan

Encounter আৰক্ষীৰ গুলিত গুলিবিদ্ধ হ’ল বিশ্বনাথ বালিপুখুৰীৰ চুজল ভূঞা ওৰফে শিৱা ভূঞা নামৰ এজন ড্ৰাগছ মাফিয়া।

শুকুৰবাৰে বিশ্বনাথ জিলা অৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ ব্যবসায়ৰ সৈতে জড়িত থকাৰ সন্দৰ্ভত নিজ গৃহৰ পৰা আটক কৰিছিল শিৱা ভূঞাক ।

প্ৰাপ্ত তথ্য অনুযায়ী বিশ্বনাথৰ আৰু কোন কোন এই নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত  সেই লোক সকলক চিনাক্ত কৰিবলৈ আৰক্ষীৰ অভিযানকাৰী এটা দলৰ সৈতে নিশা গৈছিল ধৃত শিৱা ভূঞা ।

লগতে পঢ়ক: শিৱসাগৰত চিপিআই, কংগ্ৰেছ দলৰ বহু কৰ্মীৰ ৰাইজৰ দলত যোগদান

কিন্তু ধৃত শিৱা ভূঞাই বিশ্বনাথৰ পেটলিবাৰীৰ সমীপতে আৰক্ষীৰ দলটোক বিপথে পৰিচালিত কৰি আৰক্ষীৰ চকুত ধূলি দি গাড়ীৰ পৰা হঠাৎ জাপ দি আন্ধাৰৰ দিশে পলায়ন কৰাৰ চেষ্টা চলায়।

আৰক্ষীয়ে বহুবাৰ ধৃত শিৱা ভূঞাক পলায়ন নকৰিবলৈ কয় যদিও ধৃত শিৱা ভূঞাই আন্ধাৰৰ সুবিধা লৈ পলায়ন কৰিব লওঁতেই আৰক্ষীয়ে অৱশেষত গুলী চলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।‌

আৰক্ষীয়ে ধৃত শিৱা ভূঞাৰ বাওঁ ভৰিত একজাই গুলি মাৰে।

লগতে পঢ়ক:Farmer leader slaps BJP MLA: বিজেপি বিধায়কক মঞ্চতেই কাণতলীয়া চৰ শোধালে কৃষক নেতাই

ইতিমধ্যে ধৃত শিৱা ভূঞাক বিশ্বনাথ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক  চিকিৎসা প্ৰদান কৰি নিশাৰ ভাগতে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

সম্প্ৰতি বিশ্বনাথ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো মন্তব্য আগবঢ়োৱা নাই সংবাদ মাধ্যমৰ আগত।