NORTHEAST NOW (Assamese)
অসম

নতুন দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ বিএছএফৰ প্ৰাক্তন ডিজি ৰামমোহনৰ

Posted by: এনই নাও নিউজ April 8, 2018 2:07 pm
Rammohan

উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰতি এক বিশেষ ধৰণৰ টান থকা বিএছএফৰ প্ৰাক্তন ডিজি ইএন ৰামমোহনৰ আজি পুৱা নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছত দেহাৱসান ঘটে।

মেঘালয়ৰ পূব খাচী পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা ইএন ৰামমোহন আছিল প্ৰকৃতাৰ্থত এজন ভদ্ৰলোক, সত্যনিষ্ঠতা আৰু নৈতিকতাৰ মূৰ্ত আকৰ।

উল্লেখযোগ্য যে পূব খাচী পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তে ৰামমোহনে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

বিশেষকৈ প্ৰট’কল ভাঙি পথৰ যুৱকসকলৰ সৈতে মুকলিভাৱে কৰা বাৰ্তালাপ, পৰীক্ষাগৃহত ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰা আদি কাৰ্যই ৰামমোহনক পাহাৰীয়া ৰাজ্যখনৰ জনসাধাৰণৰ আপোন কৰি তুলিছিল।

জন্মসূত্ৰে কেৰালাৰ ৰামমোহনে মাদ্ৰাছ খ্ৰীষ্টান কলেজৰ পৰা শিক্ষাগ্ৰহণ কৰি পৰিয়ালৰ অনিচ্ছা সত্ত্বেও প্ৰশাসনীয় পৰীক্ষাত অৱতীৰ্ণ হৈ ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ভাৰতীয় আৰক্ষী সেৱাৰ অসম- মেঘালয়ৰ কেডাৰ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ৰামমোহনে কৈছিল— ‘মই উত্তৰ- পূৰ্বাঞ্চলৰ বিষয়ে জানিব খোজো। সেয়েহে মই ইয়ালৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। মই য’ত ডাঙৰ-দীঘল হৈছো তাতকৈ সম্পূৰ্ণ পৃথক অঞ্চল হৈছে উত্তৰ- পূৰ্বাঞ্চল।‘

মেঘালয়ৰ বাহিৰেও ৰামমোহনে অসম আৰু মণিপুৰত সেৱা আগবঢ়াইছিল।