NORTHEAST NOW (Assamese)
অসম

ভূমি কেলেংকাৰীত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কাছাৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 11, 2022 11:46 am
WhatsApp Image 2022-01-11 at 11.24.50 AM

এক ভূমি কেলেংকাৰীৰ গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত সোমবাৰে সন্ধিয়া কাছাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰ কৰা কৰ্মচাৰীজনক ৰাজু শীল বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ উপায়ুক্ত কাৰ্যালয়ৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।

টিটু মজুমদাৰ নামৰ এগৰাকী ব্যক্তিয়ে ৰুজু কৰা এক গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। মজুমদাৰে অভিযোগ কৰিছিল যে বেৰেংগা অঞ্চলত থকা তেওঁৰ কেইবাটাও প্লট তেওঁৰ অনুমতি অবিহনেই অবৈধভাৱে ট্ৰেন্সফাৰ কৰা হৈছিল।

লগতে পঢ়ক: Journalist commits suicide অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে নিজকে গুলীয়াই আত্মহত্যা জ্যেষ্ঠ সাংবাদিক বিকাশ মৰানৰ!

তেওঁ যোৱা ২০২১ৰ অক্টোবৰত শিলচৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল।

মজুমদাৰে দাখিল কৰা সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এক তদন্ত চলায় আৰু ৰাজু শীলক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে শীলক জেৰা অব্যাহত ৰখাৰ লগতে এই গোচৰত জড়িত থকা আৰু লোকসকলৰ সন্ধান চলাইছে।