NORTHEAST NOW (Assamese)
অসম

কোভিডৰ সংহাৰ: ২২ জানুৱাৰীলৈকে নিৰ্বাচনী ৰেলী নিষিদ্ধ কৰিলে নিৰ্বাচন আয়োগে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 15, 2022 9:04 pm

দেশৰ ২৯ খন ৰাজ্যত এতিয়া চলিছে কোভিডৰ সংহাৰ। কোভিডৰ দক্ষিণ আফ্ৰিকাৰ পজাতি অমিক্ৰনৰ সংহাৰেও এতিয়া চিন্তিত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰক সমূহক। এনে সময়তে আজি কেন্দ্ৰীয় নিৰ্বাচন আয়োগে কোভিডৰ সংহাৰৰ পৰিপ্ৰেক্ষিততে ২২ জানুৱাৰীলৈকে দেশৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য সমূহত সকলো ধৰণৰ নিৰ্বাচনী ৰেলা নিষিদ্ধ কৰিছে।

আজি নিৰ্বাচন আয়োগে জাৰি কৰা এক নিৰ্দেশনাত সকলো নিৰ্বাচনী ৰেলী আৰু ৰোড শ্ব’ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

নিৰ্বাচন আয়োগে ৰাজনৈতিক দলবোৰক সৰ্বাধিক ৩০০ জন ব্যক্তি বা হলৰ ক্ষমতাৰ ৫০ শতাংশ ক্ষমতাৰ সৈতে সভা অনুষ্ঠিত কৰিবলৈ অনুমতি দিছে। নিৰ্বাচনী সংস্থাটোৱে ৰাজনৈতিক দলসমূহক আদৰ্শ আচৰণ বিধিৰ ব্যৱস্থা আৰু মহামাৰী নিয়ন্ত্ৰণ ব্যৱস্থাসমূহ পালন কৰিবলৈ নিৰ্দেশ দিছে।

৮ জানুৱাৰীত ইচিয়ে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড মণিপুৰ, গোৱা আৰু পঞ্জাৱৰ নিৰ্বাচনী কাৰ্যসূচী ঘোষণা কৰাৰ সময়ত ১৫ জানুৱাৰীলৈকে ৰাজহুৱা ৰেলী, ৰোড শ্ব’ আৰু একেধৰণৰ শাৰীৰিক প্ৰচাৰ অনুষ্ঠান নিষিদ্ধ কৰা হৈছে।

উল্লেখ্য উত্তৰ প্ৰদেশৰ ৪০৩ খন বিধানসভা আসনত, পঞ্জাৱত ১১৭ খন, উত্তৰাখণ্ডত ৭০ খন মণিপুৰত ৬০ খন আৰু গোৱাত ৪০ খন আসনৰ নিৰ্বাচন হ’ব ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ’ব।