NORTHEAST NOW (Assamese)
অসম

মাত্ৰ ৩ মিনিটত সামান্থাই ল’লে ৫কোটি টকা! কথাটো কি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 16, 2022 3:11 pm
Samantha prabhu

দক্ষিণৰ চলচ্চিত্ৰ জগতৰ মোহময়ী তথা জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ অভিনেতা নাগা চৈতন্যৰ সৈতে বিচ্ছেদৰ বাতৰিয়ে শেহতীয়াকৈ বিশেষ চৰ্চা লাভ কৰিছে।

কিন্তু সেই চৰ্চাকো চেৰ পেলাই সামান্থাৰ পাৰিশ্ৰমিক বৃদ্ধিক লৈ অধিক চৰ্চা চলিছে। দৰ্শকে এইটো আগেয়ে জানে যদিও এইবাৰ তাৰ প্ৰমানো পোৱা গ’ল।

অল্লু অৰ্জুনৰ পুষ্পা: দ্য ৰাইজ পাৰ্ট ১’ত মাত্ৰ ৩মিনিট নৃত্য কৰিয়েই ৫ কোটি টকা লৈছে সামান্থাই।

ছবিখনৰ আইটেম ছং ‘অ’ অন্তভ’ত নৃত্য কৰি এই পাৰিশ্ৰমিক লৈছে অভিনেত্ৰীগৰাকীয়ে।

বাতৰি অনুসৰি, সামান্থাৰ প্ৰথম আইটেম ছঙটোৱে ছবিখনত এক নতুন মাত্ৰা আনি দিছে। মাত্ৰ তিনি মিনিট নচাৰ বাবেই সামান্থাক দিয়া হৈছে ৫কোটি টকা।

উল্লেখ্য যে সুকুমাৰ পৰিচালিত ছবিখন তামিল, তেলেগু, মালয়ালম, হিন্দী আৰু কানাড়া ভাষাত যোৱা ১৭ ডিচেম্বৰত মুক্তি পাইছে।

ছবিখনত দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অবিনয় কৰিছে ফাহাদ ফাচিল আৰু ৰশ্মিকা মন্ধনাই। অন্ধ্ৰ প্ৰদেশৰ চিত্তোৰ জিলাৰ এটা ভিতৰুৱা অঞ্চলৰ চোৰাং কাৰবাৰক লৈ ছবিখনৰ কাহিনীটো ৰচনা কৰা হৈছে।

ছবিখন মুক্তিৰ পাছত বিশ্বজুৰি বক্স অ’ফিচত ব্যাপক সাফল্য লাভ কৰিছে।