NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ January 19, 2022 1:51 pm

কোকৰাঝাৰ আৰক্ষীৰ এক অভিযানত কোকৰাঝাৰ বৰুৱাপাৰাৰ পৰা ড্ৰাগছ ভৰ্তি মুঠ ১৮৬ কণ্টেইনাৰ জব্দ কৰা লগতে গুল হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

গুল হুছেইন ধুবৰী জিলাৰ বিলাসীপাৰৰ হাজাৰীপাৰা নিবাসী । ধুবুৰীৰ পৰা কোকৰাঝাৰলৈ লৈ ড্ৰাগছ খিনি অনাৰ সময়তে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।