NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ পৰা ওলাই অহা বাঘে পাহাৰগুৰিত চলালে সন্ত্ৰাস; আক্ৰমণৰ বলি তিনিটাকৈ গো-ধন

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ January 21, 2022 12:21 pm
Tiger terror in Kaliabor

কলিয়াবৰৰ পাহাৰগুৰি গাঁৱত বিৰাজ কৰিছে বাঘৰ আতংক। দিন দুপৰতে বাঘৰ আক্ৰমণৰ বলি হ’ল তিনিটাকৈ গো-ধন।

কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি পাহাৰগুৰি অঞ্চলত প্ৰৱেশ কৰি এটা প্ৰকাণ্ড বাঘে সৃষ্টি কৰে আতংকৰ।

বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাঘটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠোৱাৰ অভিযানত নামি পৰিছে।

লগতে পঢ়ক: পাঁচ দশকৰ পাছত ইন্দিৰা গান্ধীয়ে নিৰ্মাণ কৰা অমৰ জোৱান জ্যোতি শিখা ‘নুমুৱালে’ মোদীয়ে

দিন দুপৰতে পাহাৰগুৰি গাঁৱত এটা প্ৰকাণ্ড বাঘ এইদৰে প্ৰৱেশ কৰাক লৈ গাওঁবাসী আতংকিত হৈ পৰিছে।

খাদ্যৰ সন্ধানত এইদৰে জনাঞ্চলত প্ৰৱেশ কৰা বাঘে মানুহকো আক্ৰমণৰ লক্ষ্য কৰি ল’ব পাৰে বুলি শংকিত হৈ পৰিছে গাঁওবাসী।