NORTHEAST NOW (Assamese)
অসম

চাপৰত নেতাজীৰ ১২৫ সংখ্যক জন্মজয়ন্তী পালন

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ January 23, 2022 9:07 pm

সমগ্ৰ দেশৰ লগতে ধুবুৰী জিলাৰ চাপৰতো আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্মজয়ন্তী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়।

চাপৰৰ অগ্ৰণী বেচৰকাৰী সংস্থা ‘স্বদেশী মঞ্চ’ ৰ উদ্যাগত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত স্থাপিত নেতাজীৰ আৱক্ষ মূৰ্ত্তিৰ বাকৰিত পালন কৰা নেতাজীৰ জন্মজয়ন্তীৰ কাৰ্যসূচী পুৱা ৮-৪৫ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে সংস্থাটোৰ সভাপতি তিলক চন্দ্ৰ প্ৰসাদে।

পৰৱৰ্তী কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন আৰু নেতাজীৰ আৱক্ষ মূৰ্ত্তিত মাল্যাৰ্পণৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ক্ৰমে চাপৰৰ চক্ৰ বিষয়া শান্তনু গগৈ আৰু চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিয়ে ।

তাৰপিছতে অনুষ্ঠিত হোৱা নেতাজীৰ ‘স্মৃতিচাৰণ’ সভাখনৰ আঁত ধৰে সংস্থাটোৰ সম্পাদক অভিজিত নাগে ।

সভাখনত চক্ৰ বিষয়া শান্তনু গগৈ, ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতি, প্ৰদীপ কুমাৰ নাগ , সমাজকৰ্মী উত্তম পোদ্দাৰ , বিশিষ্ট ব্যৱসায়ী আনোৱাৰ হুছেইন, শিক্ষক ছাজিদ হুছেইন, অৱসৰী শিক্ষক জোৱালা মাল্লা আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে নেতাজীৰ জীৱন,কীৰ্তি আৰু আদৰ্শৰ বিষয়ে আলোকপাত কৰি ভাষণ প্ৰদান কৰে ।

ইপিনে বঙাইগাঁওৰ বিভিন্ন ঠাইৰ লগতে নৰ্থ বঙাইগাঁও চহৰৰ হোটেল জাহ্নৱীত বিশিষ্ট শিল্পী প্ৰবীণ কুমাৰ বৈশ্যৰ নেতৃত্বত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী পালন কৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয় আৰু সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়।