NORTHEAST NOW (Assamese)
অসম

ব’হাগত ২০ হাজাৰ গামোচা বৈ উলিয়াব ডিমৌৰ তেলীয়াপথাৰৰ শিপিনীয়ে

Posted by: হিতোজ্বল চেতিয়া April 9, 2018 9:52 am
CYMERA_20180409_090012

ডিমৌৰ সমীপৰ ধেমেচি তেলীয়াপথাৰ গাওঁৰ জীয়ৰী-বোৱাৰীসকলে আগন্তুক ব’হাগ মাহটোত মুঠ ২০ হাজাৰ খন গামোচা মাটিশালত বৈ উলিওৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

উল্লেখ‍্য যে ইয়াৰ আগতেও আমি তেলীয়াপথাৰৰ এই ব‍্যতিক্ৰমী পদক্ষেপৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছো। কিন্তু তেতিয়া তেওঁ লোকৰ লক্ষ‍্য আছিল ব’হাগ বিহুৰ পূৰ্বে ১০ হাজাৰ গামোচা বৈ উলিওৱা।

বৰ্তমান আমি জানিব পাৰিছো যে এই ব’হাগ মাহটোতে আৰু ১০ হাজাৰ গামোচা বৈ উলিয়াবৰ বাবে নতুনকৈ আৰু ২৫ খন মাটিশাল স্থাপনৰ ব‍্যৱস্থা কৰা হৈছে।

তেলিয়াপথাৰ পুণ্য অৰণ্য নামঘৰৰ ভক্তপ্ৰাণ ৰাইজৰ উদ্যোগত শিপিনীসকলৰ বাবে নিৰ্মাণ কৰি দিয়া হৈছে বিশাল মাটিশাল গৃহ। উক্ত গৃহৰ মাটিশালত থলুৱা পকোৱা সূতা ক্ৰয় কৰি যঁতৰ ঘূৰাই মহুৰা ভৰাই মাটিশালত গামোচা তৈয়াৰ কৰি থকা হৈছে।

CYMERA_20180409_090132

সম্পূৰ্ণ আধ্যাত্মিক নিয়মেৰে পুৱাৰ ভাগত নামঘৰত সকলো শিপিনীয়ে সেৱা গ্ৰহণ কৰি মাটিশালৰ গৃহত সমূহীয়া প্ৰাৰ্থনা কৰি ৰাতিপুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে  নিজ কৰ্মত নিয়োজিত হয়। শিপিনী সকলে প্ৰত‍্যেকদিনাই গাইপতি ২ খনকৈ গামোচা বৈ উলিয়ায়।

ইতিমধ্যে এই গামোচা অসমৰ বিভিন্ন ঠাইলৈ পঠোৱাৰ ব‍্যৱস্থা কৰা হৈছে। তথ‍্য অনুসৰি দিনে দিনে মাটিশালৰ গামোচাৰ গ্ৰাহক বাঢ়ি আহিছে আৰু গুৱাহাটী পৰ্যন্ত এই গামোচা বিক্ৰী কৰা হৈছে। গামোচা সমূহৰ নূন‍্যতম মূল‍্য ২০০ টকাৰ পৰা আৰম্ভ কৰি ছশ-সাতশ টকালৈকে ধাৰ্য কৰা হৈছে।

অসম চৰকাৰে ৰাজ‍্যত আমদানিকৃত গামোচাৰ বিক্ৰী বন্ধ কৰাৰ যি ঘোষণা কৰিছিল তাৰ প্ৰতি সঁহাৰি জনাই তেলীয়াপথাৰৰ শিপিনীসকলে এই পদক্ষেপ গ্ৰহণ কৰে। পুণ‍্য অৰণ‍্য  নামঘৰৰ উদ্যোগত সমবায় ভিত্তিত আৰম্ভ কৰা এই গামোচা তৈয়াৰ কৰা মাটিশাল গৃহটো ডিমৌৰ দাঁতিকাষৰীয়া গাওঁ সমূহৰ শিপিনীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ লগতে তেলীয়াপথাৰত এতিয়া মাঁকোৰ খটখটনিৰ শব্দই ব’হাগ বিহুৰ আনন্দ দুগুণ বৃদ্ধি কৰি তুলিছে।