NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ, মহতীয়াই ভাঙিলে কেইবাটাও বাসগৃহ

Posted by: ৰিদিপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা, কলিয়াবৰ January 27, 2022 2:06 pm
Assam

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাতে চৰম ৰূপ ধাৰণ কৰিছে। কলিয়াবৰত দীৰ্ঘদিন ধৰি গঞা ৰাইজ সন্মুখীন হৈছে বন্যহস্তীৰ উপদ্ৰৱৰ।

বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বন্যহাতীয়ে প্ৰায় ২৫-৩০ দিন ধৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

কলিয়াবৰৰ বৰভগীয়া, নামগাঁও অঞ্চলত ধাৰাবাহিক ভাৱে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে। বন্যহস্তীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে অঞ্চলটোৰ কেইবাগৰাকী ব্যক্তিৰ বাসগৃহ।

নামগাঁৱত দ্বীপ গোস্বামী, মাধৱ গোস্বামী, যোগেশ্বৰ গোস্বামী,ডালিম বৰ্মন,তিলক বৰা,জান বৰা,অনিল কাকতি আৰু বৰভগীয়াৰ মৰমী বৰুৱা নামৰ ব্যক্তিকেইজনৰ বাসগৃহ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে বন্য হাতীয়ে।

উল্লেখ্য যে দুদিন পূৰ্বেও মৰমী বৰুৱাৰ পকী বাসগৃহটো ভাঙিছিল বনৰীয়া হাতীটোৱে।

বিগত কিছুদিন ধৰি গোটেই নিশা বন্যহস্তীৰ উপদ্ৰৱত শংকিত হৈ পৰে গাওঁবাসী। বন্যহস্তীৰ উপদ্ৰৱৰ বাবেই উজাগৰী নিশা পাৰ কৰিব লগা হৈছে বৰভগীয়া,নামগাওঁবাসীয়ে।

আনহাতে বন বিভাগৰ নিষ্ক্ৰিয় ভূমিকাত ক্ষুণ্ণ হৈ পৰিছে স্থানীয় ৰাইজ। ৰাইজৰ অভিযোগ, বন বিভাগক খবৰ দিলেও উপস্থিত নহয় ঘটনাস্থলীত।

অৱশ্যে যোৱা নিশা বনবিভাগে হাতী খেদিবলৈ উপস্থিত হয় যদিও হাতী খেদি পঠোৱাত ব্যৰ্থ হয়।

হাতীৰ ভয়ত এতিয়া উজাগৰী নিশা পাৰ কৰা গতানুগতিক হৈ পৰিছে অঞ্চলবাসীৰ বাবে।