NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ সন্ধানহীন কিশোৰক ভাৰতীয় সেনাক হস্তান্তৰ কৰিলে চীনে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2022 2:37 pm

চীনৰ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত সন্ধানহীন হোৱা অৰুণাচল প্ৰদেশৰ কিশোৰক আজি ভাৰতীয় সেনাক হস্তান্তৰ কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি টুইট যোগে এই কথা সদৰি কৰে।

“চীনা PLA-এ অৰুণাচল প্ৰদেশৰ কিশোৰ মিৰাম টাৰনক ভাৰতীয় সেনাক হস্তান্তৰ কৰিছে। চিকিৎসা পৰীক্ষাকে ধৰি যথাযথ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে।” টুইট যোগে ৰিজিজুৱে কয়।

 

চীনৰ পিপল লিবাৰেচন আৰ্মীয়ে ইয়াৰ পূৰ্বে টাৰনক ভাৰতক অৰ্পণ কৰা হ’ব বুলি ঘোষণা কৰিছিল।

অৱশ্যে বেয়া বতৰৰ পৰিস্থিতিৰ বাবে তেওঁক স্বদেশলৈ প্ৰেৰণ কৰাত কিছু পলম হৈছিল।

যোৱা ১৮ জানুৱাৰীত টাৰন নামৰ এই কিশোৰজন সীমান্তৰ ওচৰৰ এটা অঞ্চলৰ পৰা নিৰুদ্দেশ হৈছিল।

ভাৰতীয় সেনাই ১৯ জানুৱাৰীত কিশোৰজনক বিচাৰি উলিয়াবলৈ আৰু ঘূৰাই দিয়াত সহায় বিচাৰি চীনৰ PLA ৰ কাষ চাপিছিল।