NORTHEAST NOW (Assamese)
অসম

অবৈধ শিল খনন: শিৱসাগৰত ছাত্ৰ মুক্তিৰ প্ৰতিবাদত বাধা আৰক্ষীৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ January 27, 2022 2:50 pm

শিৱসাগৰত ছাত্ৰ মুক্তিৰ প্ৰতিবাদত বাধা আৰক্ষীৰ।

দিখৌ নদীত হোৱা অবৈধ শিল খনন বন্ধ কৰাৰ দাবীত গ্ৰহণ কৰিছিল এক প্ৰতিবাদী কাৰ্যসূচী।

চেৰেকাপাৰৰ হলিনেম স্কুলৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ দিখৌ নদী ৰক্ষা কৰো আহক নামেৰে পদযাত্ৰৰ লগতে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিল।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এই প্ৰতিবাদত বাধা প্ৰদান কৰে শিৱসাগৰ আৰক্ষীয়ে।

শিৱসাগৰ আৰক্ষীয়ে চেৰেকাপাৰ হলিনেম স্কুলৰ সন্মুখতেই প্ৰতিবাদী সমদলক বাধা প্ৰধান কৰে।

প্ৰতিবাদস্থলীতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হয় তৰ্ক যুদ্ধ ।

প্ৰতিবাদকাৰীসকলে ৰাজপথতে বহি প্ৰতিবাদ সাব্যস্ত কৰে।

পিছত প্ৰতিবাদী শ্লেগান লিখা বেনাৰ প্লে কাৰ্ড আৰক্ষীৰ হাতত জমা দি ছাত্ৰ মুক্তিৰ সঁজাতিদলে জিলা উপায়ুক্তক অবৈধ শিল খনন বন্ধৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰি প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি পেলায়।