NORTHEAST NOW (Assamese)
অসম

কেঁচু খান্দোতে ওলাল সাপ: ড্ৰাগছৰ সন্ধানত যোৱা আৰক্ষীয়ে উদ্ধাৰ কৰিলে পিষ্টল, আটক যুৱক

Posted by: মানস প্ৰতীম গগৈ, ডিগবৈ Updated by: মানস প্ৰতীম গগৈ, ডিগবৈ January 27, 2022 3:14 pm
Assam

ডিগবৈৰ এখন ভিতৰুৱা গাঁৱৰ পৰা যোৱা নিশা ডিগবৈ আৰক্ষীয়ে পিষ্টল সহ এজন যুৱকক আটক কৰিছে।

ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ অভিযানত পানবাৰী গাঁৱৰ পৰা যুৱকজনক আটক কৰা হয়।

আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে পানবাৰীৰ নিজা বাস গৃহৰ পৰা টুলন চাংমাই নামৰ যুৱক জনক আটক কৰে।

দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ খবৰৰ ভিত্তিত ডিগবৈ আৰক্ষীয়ে নিশা যুৱক জনৰ বাসগৃহত অভিযান চলায়।

আটকাধীন যুৱক জনৰ পৰা এটা 7.65 এটা পিষ্টল আৰু এটা মেগজিন আৰু এটা সজীৱ গুলি উদ্ধাৰ কৰে ডিগবৈ আৰক্ষীয়ে।

ধৃত যুৱকজনক বৰ্তমান মাৰ্ঘেৰিটা মহকুমা আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে।