NORTHEAST NOW (Assamese)
অসম

জিলা উপায়ুক্তৰ দ্বাৰা বোকাখাতত ধান ক্ৰয় কেন্দ্ৰ মুকলি  

Posted by: উত্তম শইকীয়া ,বোকাখাত Updated by: উত্তম শইকীয়া ,বোকাখাত January 27, 2022 3:54 pm

বোকাখাতৰ মহকুমা কৃষি বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে বোকাখাতত এক ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয় ।

বোকাখাতৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত মুকলি কৰা হয় এই কেন্দ্ৰটো। খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় প্ৰাংগনক আয়োজিত এক বিশেষ অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আনুষ্ঠানিক ভাৱে এই কেন্দ্ৰটো মুকলি কৰে ৷

এই কেন্দ্ৰৰ জড়িয়তে বোকাখাত মহকুমা কৃষি বিভাগৰ অধীনত ৭,৬০০ মেট্ৰিক টন ধান ক্ৰয় কৰা লক্ষ্য স্থিৰ কৰা হৈছে বুলি বিভাগীয় তথ্যত প্ৰকাশ ।

অসম চৰকাৰৰ ধান ক্ৰয় আঁচনিৰ অধীনত মহকুমাটোৰ কৃষকৰ পৰা প্ৰতি কুইণ্টলত নিম্নতম মূল্য ১,৯৪০ টকাকৈ এই ধান ক্ৰয় কৰা হ’ববুলি সুত্ৰত প্ৰকাশ ।

উল্লেখযোগ্য যে বোকাখাতৰ মহকুমা কৃষি বিষয়াৰ মতেবোকাখাত মহকুমাৰ পৰা ৭,৬০০ মেট্ৰিক টন ধান ভাৰতীয় খাদ্য নিগম য়ে ক্ৰয় কৰাৰ বিপৰীতে গোলাঘাট জিলাৰ আন কেতবোৰ ঠাইৰ পৰা ১৬,০০০ মেট্ৰিক টন ধান ক্ৰয় কৰিব খাদ্য আৰু অসামৰিক যোগান বিভাগে।

ধান ক্ৰয় কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানতে কৃষি বিভাগৰ উদ্যোগত কৃষকৰ মাজত ৪খন পাৱাৰ টিলাৰো বিতৰণ কৰা হয় ৷