NORTHEAST NOW (Assamese)
অসম

গোসাইগাঁৱত ট্ৰাক-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত নিহত ২৩ বছৰীয়া মটৰচাইকেল আৰোহী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 29, 2022 6:21 pm
WhatsApp Image 2022-01-29 at 5.39.31 PM

শনিবাৰে বিয়লি গোসাইগাঁৱত এখন টেংকাৰ ট্ৰাকৰ সৈতে সংঘটিত মুখামুখি সংঘৰ্ষত এজন মটৰচাইকেল আৰোহী নিহত হয়।

দুৰ্ঘটনাটোত নিহত মটৰচাইকেল আৰোহীজনক গোসাইগাঁৱৰ হাৰাপুটাৰ ছাইফুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় লোকে জানিবলৈ দিয়া মতে শনিবাৰে বিয়লি টেলিপুটা বজাৰৰ সন্মুখত এই ঘটনা সংঘটিত হয়।

ছাইফুলে চলাই মটৰচাইকেলখনৰ পঞ্জীয়ন নম্বৰ হৈছে  AS17D8092।

স্থানীয় লোকে ট্ৰাকখনৰ চালকৰ ভুল বুলি দাবী কৰে যদিও একাংশই দাবী কৰে যে এইটো এক ব্যস্ত অঞ্চল আৰু এয়া এক দুৰ্ঘটনাহে।

লগতে পঢ়ক: প্ৰাণঘাতী ‘নিও ক’ভ’! কোভিডৰ নতুন ভেৰিয়েন্ট সন্দৰ্ভত কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই?

আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে দুৰ্ঘটনাৰ বাবে কাকো জগৰীয়া কৰিব পৰা নাযায়। আৰক্ষীয়ে ট্ৰাক আৰু মটৰচাইকেলখন জব্দ কৰিছে।

মাত্ৰ ২৩ বছৰীয়া ছাইফুল ইছলামৰ থিতাতে মৃত্যু ঘটে আৰু তেওঁৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।