NORTHEAST NOW (Assamese)
অসম

‘বিটিং ৰিট্ৰিট’ৰ পৰা বাহিৰ কৰা হ’ল ‘এবাইড উইথ মি’ৰ সুৰ; অসমৰ খ্ৰীষ্টিয়ান সমাজৰো দুখ প্ৰকাশ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ January 30, 2022 12:24 pm
Abide with me

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গীৰ্জা শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীত সমজুৱাকৈ পৰিৱেশন কৰা হ’ল “এবাইড উইথ মি”ৰ অসমীয়া সংস্কৰণ “লগত থাকা”।

গণৰাজ্য দিৱসৰ সামৰণি অনুষ্ঠান ‘বিটিং ৰিট্ৰিট’ পৰা “এবাইড উইথ মি” নামৰ গানটোৰ সুৰধ্বনি এইবাৰৰ পৰা বাহিৰ কৰাক লৈ ভাৰতৰ খ্ৰীষ্টিয়ান সমাজৰ লগতে অসমৰ খ্ৰীষ্টিয়ান সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গীৰ্জা শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীত আজি দেখা গ’ল “এবাইড উইথ মি”ক বিটিং ৰিট্ৰিটৰ পৰা বাহিৰ কৰাৰ প্ৰতিক্ৰিয়া।

বিটিং ৰিট্ৰিট, গণৰাজ্য দিৱসৰ সামৰণি অনুষ্ঠান। ভাৰতৰ সংবিধান গ্ৰহণ কৰাৰ পাছৰে পৰা গণৰাজ্য দিৱস উদযাপন মহোৎসৱ পালন কৰি অহা হৈছে। এই মহোৎসৱৰ সামৰণি পৰে ২৯ জানুৱাৰী তাৰিখে।

ভাৰতৰ প্ৰতিৰক্ষা বিভাগে ৰাষ্ট্ৰপতি ভৱনত ২৯ জানুৱাৰী তাৰিখে বিয়লি অনুষ্ঠিত কৰে বিটিং ৰিট্ৰিট। এই সামৰণি অনুষ্ঠানত ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, ভাৰতীয় নৌ সেনা আৰু যৌথ আৰক্ষী বাহিনীৰ সুৰ বাহিনীয়ে(বেণ্ড) বিভিন্ন গানৰ সুৰ পৰিৱেশন কৰে।

Abide with me.png1
ফটো: নৰ্থইষ্ট নাও।

এনে পৰিৱেশিত সুৰ সমূহৰ ভিতৰত অন্যতম হৈছে হেনৰী ফ্ৰাঞ্চিছে লিখা আৰু উইলিয়াম হেনৰী মংকে সুৰ প্ৰদান কৰা “এবাইড উইথ মি” নামৰ গানটো।

১৯৫০ চনৰ পৰা গণৰাজ্য দিৱসৰ সামৰণি অনুষ্ঠানত “এবাইড উইথ মি”ৰ সুৰ পৰম্পৰাগতভাৱে পৰিৱেশন কৰি অহা হৈছিল যদিও কালি সম্পন্ন হৈ যোৱা ‘বিটিং ৰিট্ৰিট’ অনুষ্ঠানত পৰিৱেশন কৰা নহল “এবাইড উইথ মি”ৰ সুৰ।

আচলতে এই গানটো এইবাৰৰ পৰা বাহিৰ কৰি দিয়া হ’ল “বিটিং ৰিট্ৰিট”ৰ পৰা। বিটিং ৰিট্ৰিটত পৰিৱেশন কৰা “এবাইড উইথ মি” বিশ্বৰ খ্ৰীষ্টিয়ান সমাজৰ লগতে ভাৰতৰ খ্ৰীষ্টিয়ান সমাজৰো এক ধৰ্মীয় গীত।

‘বিটিং ৰিট্ৰিট’ত পৰিৱেশিত “এবাইড উইথ মি” ভাৰতৰ খ্ৰীষ্টিয়ান সমাজৰ বাবে এক গৰ্বৰ বিষয় হোৱাৰ লগতে ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ এক প্ৰতীকৰূপে পৰিগণিত হৈছিল।

কিন্তু ‘বিটিং ৰিট্ৰিট’ৰ পৰা এই গানটো আঁতৰাই দিয়াক লৈ এতিয়া ভাৰতৰ খ্ৰীষ্টিয়ান সমাজৰ লগতে অসমৰ খ্ৰীষ্টিয়ান সমাজে তীব্ৰ দুখ প্ৰকাশ কৰিছে‌। যাৰ বাবে আজি সমগ্ৰ ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ গীৰ্জা সমূহত অনুষ্ঠিত হোৱা দেওবৰীয়া উপাসনাত “এবাইড উইথ মি” গানটো পৰিৱেশন কৰি সমাজে এনে কাৰ্যৰ বাবে দুখ প্ৰকাশ কৰিছে।

Abide with me.png2
ফটো: নৰ্থইষ্ট নাও।

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো শিৱসাগৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীতো আজি “এবাইড উইথ মি” পৰিৱেশন কৰি ‘বিটিং ৰিট্ৰিট’ৰ পৰা “এবাইড উইথ মি” গানটো বাহিৰ কৰাক লৈ দুখ প্ৰকাশ কৰে।

মণ্ডলীৰ সম্পাদক ৰণি স্মিথে পঞ্চাশ দশকৰ পৰা এই ধৰ্মীয় ভক্তিমূলক গীতটো ধৰ্মীয় নিৰপেক্ষতাৰ প্ৰতীকৰূপে ভাৰতৰ শাসনে ‘বিটিং ৰিট্ৰিট’ত পৰিৱেশন কৰি অহাৰ বাবে ধন্যবাদ প্ৰদান কৰে। কিন্তু ভৱিষ্যতলৈ ‘বিটিং ৰিট্ৰিট’ত “এবাইড উইথ মি” নথকাক লৈ দুখ প্ৰকাশ কৰে।