NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ‘দিগবলয় সাহিত্য চ’ৰা’ ৰ প্ৰথম বাৰ্ষিক অধিৱেশন

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ January 30, 2022 6:34 pm

সামাজিক মাধ্যমৰ সূলভ ব্যৱহাৰৰ যিদৰে ঋণাত্মক প্ৰভাৱ আছে, ঠিক তেনেদৰে আছে ইতিবাচক দিশো। যোগাযোগৰ সমান্তৰালকৈ সামাজিক মাধ্যমত সহজ হৈ পৰিছে সাহিত্য-সংস্কৃতিৰ চৰ্চাও।

তেনে এটি সামাজিক মাধ্যমৰ গোট ‘দিগবলয় সাহিত্য চ’ৰা’। ফেচবুকত সাহিত্য চৰ্চাৰ অন্যতম মাধ্যম এই গোটটো।

আজি শিৱসাগৰ যুৱদলত ‘দিগবলয় সাহিত্য চ’ৰা’ ৰ প্ৰথম বাৰ্ষিক অধিৱেশন দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

দিপালী ৰাধিকাৰ সোণাৰু হালধীয়া হাঁহি, জ্যোতি শইকীয়া বৰাৰ কাঁচিয়লি আদিকে ধৰি প্ৰায় কুৰিখনৰো অধিক গ্ৰন্থ উন্মোচন কৰা হয়।

‘দিগবলয় সাহিত্য চ’ৰাৰ সদস্যসকলৰ দ্বাৰা গীত-কবিতা পাঠ আদিৰে মুখৰিত হৈ পৰা অনুষ্ঠানটিৱে সামাজিক মাধ্যমৰ জনপ্ৰিয়তা তথা গ্ৰহণযোগ্যতা পুনৰবাৰ প্ৰমাণ কৰিলে।

অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ড° সব্যসাচী মহন্তই স্মৃতিগ্ৰন্থৰ উন্মোচক হিচাপে অংশ লোৱাৰ বিপৰীতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্ত।