NORTHEAST NOW (Assamese)
অসম

Covid Update: ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত,মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2022 6:56 am
coronavirus71-1622016981

ৰাজ্যত বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা বিশেষ হ্ৰাস পোৱা নাই যদিও পজিটিভিটিৰ হাৰ হ্ৰাস পোৱাটো আশাব্যঞ্জক বুলি ক’ব পাৰি। এই সময়ছোৱাত দৈনিক মৃত্যুৰ সংখ্যাও প্ৰায় একেই আছে।

আনহাতে, যোৱা ২৪ ঘন্টাত পজিটিভিটিৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে সুস্থতাৰ হাৰ আৰু সামান্য বৃদ্ধি পাইছে।

সোমবাৰৰ দিনটোত ৰাজ্যখনত মুঠ ১৮১১গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

ইপিনে, বিগত ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ৩৮৯গৰাকী লোক।

সোমবাৰে ৰাজ্যখনত মুঠ ৩৮,৮৩৭গৰাকী লোকৰ কোভিড টেষ্ট কৰা হয়।

এই সময়ছোৱাত ৰাজ্যখনত পজিটিভিটিৰ হাৰ হৈছে .৬৬ শতাংশ।

সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯.০৩ শতাংশ।

ইপিনে, বিগত ২৪ ঘন্টাত ৰাজ্যখনত কোভিডত ১৯জন লোকৰ মৃত্যু ঘটিছে।