NORTHEAST NOW (Assamese)
অসম

থলুৱা ভূমিহীন পৰিয়ালক উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তি-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ February 3, 2022 1:50 pm
SMSS Protest

শিৱসাগৰত থলুৱা ভূমিহীন পৰিয়ালক উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিছে কৃষক মুক্তি-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।

ভূমিহীন পৰিয়ালক বিকল্প ভূমি আৰু ম্যাদী পট্টা নিদিয়া পৰ্যন্ত কোনো এগৰাকী ভূমিহীন পৰিয়ালৰ গৃহত হাতুৰীৰ কোব পৰিবলৈ দিয়া নহব।

এই হুংকাৰ দিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

ভূমিহীনক পুনৰ সংস্থাপন নিদিয়া পৰ্যন্ত উচ্ছেদ বন্ধ কৰাৰ দাবীত আজি সংগঠন দুটাই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে শিৱসাগৰ নগৰৰ ১৩ নং ৱাৰ্ডৰ প্ৰায় ৫০০ টাৰো অধিক পৰিয়ালে কেইবাবছৰ ধৰি ৰেলৱে’ৰ ভূমিত বসবাস কৰি আহিছে।

এতিয়া ৰেলৱে’ৰ তিনিচুকীয়া কাৰ্যলয়ৰ পৰা এই ভূমিহীন পৰিয়ালসমুহক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে।

ৰেলৱে’ৰ এই কাৰ্যক গৰিহণা জনাইছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে। লগতে এই সমুহ ভূমিহীন পৰিয়ালক বিকল্প ভূমি প্ৰদান কৰি পুনৰ সংস্থাপন নিদিয়া পৰ্যন্ত যাতে কোনো ধৰণৰ উচ্ছেদ নচলায় তাৰ বাবে দাবী জনায়।

এই সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সংগঠন দুটাই।