NORTHEAST NOW (Assamese)
Popular Stories

প্ৰয়োজন মাত্ৰ ৯৪ ৰানৰ: এক যুটীয়া মাইলষ্ট’নৰ দিশে বিৰাট কোহলী-ৰোহিত শৰ্মাৰ যুটি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2022 3:01 pm
Virat Kohli-Rohit Sharma Pair

ভাৰতীয় ক্ৰিকেট দলৰ বেটিং লাইন আপৰ দুই প্ৰধান স্তম্ভ বৰ্তমানৰ অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ যুটি আগবাঢ়িছে এক ঈৰ্ষণীয় মাইলষ্ট’নৰ দিশে।

দেওবাৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰম্ভ হ’লগীয়া এদিনীয়া শৃংখলাত এই ৰেক’ৰ্ড ক্লাৱত অন্তৰ্ভূক্ত হোৱাৰ সুযোগ লাভ কৰিব বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ যুটিয়ে।

এই মাইলষ্ট’নত উপনীত হ’বলৈ কোহলী-ৰোহিত যুটিক প্ৰয়োজন মাত্ৰ ৯৪ ৰাণৰ। দুয়োজন তাৰকা ক্ৰিকেটাৰে এদিনীয়া ক্ৰিকেটত যুটি বান্ধি এতিয়ালৈকে ৪৯০৬ ৰান সংগ্ৰহ কৰিছে।

দুয়ো এদিনীয়াত সৰ্বাধিক ৰাণৰ সৈতে যুটিৰ তালিকাত অষ্টম স্থানত আছে আৰু এদিনীয়া ফৰ্মেটত ৫০০০ ৰান সম্পূৰ্ণ কৰা অষ্টমটো বেটিং যুটি হ’বলৈ মাত্ৰ ৯৪ ৰাণৰ প্ৰয়োজন।

এই তালিকাৰ শীৰ্ষত আছে ভাৰতীয় দলৰ দুই প্ৰাক্তন তাৰকা খেলুৱৈ শচীন তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলী। দুয়োৰে যুটিয়ে ১৭৬ টা ইনিংছত ৪৭.৫৫ ৰাণৰ গড়ত ৮২২৭ ৰাণ সংগ্ৰহ কৰিছিল।

আনহাতে এই তালিকাত থকা আন এটা ভাৰতীয় যুটি হৈছে ৰোহিত আৰু শিখৰ ধাৱানৰ যুটি। দুয়ো যুটি বান্ধি এদিনীয়াত এতিয়ালৈকে ১১২ টা ইনিংছত ৪৫.২৫ গড়ে একেলগে ৫০২৩ ৰাণ সংগ্ৰহ কৰিছে।

বিৰাট আৰু ৰোহিতৰ যুটিয়ে অৱশ্যে এই মাইলষ্ট’নত উপনীত হোৱা দ্ৰুততম যুটি হিচাপে অভিলেখ ৰচাৰ সুযোগ পাব। দুয়ো এতিয়ালৈকে মাত্ৰ ৮১ টা ইনিংছত ৬৪.৫৫ গড়ে ৪৯০৬ ৰাণ সংগ্ৰহ কৰিছে।

সীমিত অভাৰৰ ক্ৰিকেটত শেহতীয়াকৈ ভাৰতৰ পূৰ্ণ-সময়ৰ অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰা ৰোহিত শৰ্মা এই সফলতা দুবাৰকৈ অৰ্জন কৰা দ্বিতীয়জন বেটাৰ হ’ব।

ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ তাৰকা ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰাই দুজন পৃথক বেটাৰৰ সৈতে যুটি বান্ধি এই সফলতা লাভ কৰিছিল। ছাংগাকাৰাই মাহেলা জয়বৰ্ধনেৰ সৈতে ৫৯৯২ ৰাণ আৰু তিলকৰত্নে দিলশানৰ সৈতে ৫৪৭৫ ৰাণ সংগ্ৰহ কৰিছিল।