NORTHEAST NOW (Assamese)
অসম

সমগ্ৰ অসমৰ লগতে টীয়কতো বিভিন্ন অনুষ্ঠানত সৰস্বতী পূজা উদযাপন

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক February 5, 2022 3:27 pm

আজি বিদ্যাৰ অধিষ্ঠিত দেৱী সৰস্বতী পূজা।শুক্লা পঞ্চমী তিথিত সমগ্ৰ দেশতে উদযাপিত হয় সৰস্বতী পূজা।ব্যতিক্ৰম নহয় টীয়কতো।

টীয়কৰো বিভিন্ন স্থানত তথা বিদ্যালয় মহাবিদ্যালয়ত আজি অনুষ্ঠিত হৈছে সৰস্বতী পূজা।প্ৰতিকূল বতৰ আৰু কভিডৰ নীতি নিয়ম বাবে কিছু স্থৱিৰ হৈছে যদিও বৈদিক তথা ধৰ্মীয় নীতি নিয়মৰ মাজেৰে উলহ মালহৰে টীয়কৰ বিভিন্ন স্থানত পূজা অনুষ্ঠিত হোৱা দেখা পোৱা গৈছে।

টীয়কৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান টীয়ক চন্দ্ৰ কমল বেজবৰুৱাৰ মহাবিদ্যালয়ত পূজাৰীৰ মন্ত্ৰউচ্চাৰণৰ মাজেৰে অনুষ্ঠিত হৈছে বাগ দেৱী সৰস্বতীৰ পূজা অৰ্চনা।কিন্তু আন বছৰ বোৰৰ তুলনাত কিছু সেমেকা পৰিবেশৰ মাজেৰে এইবাৰ পূজাৰ কায্যসূচী ৰূপায়ন কৰিবলগীয়া হোৱা দেখা পোৱা গৈছে মহাবিদ্যালয়ৰ প্ৰাংগণত।

ইপিনে মহাবিদ্যালয় বা আন শিক্ষা অনুষ্ঠানৰ সমান্তৰালভাৱে টীয়কৰ মাজমজিয়াৰ বৰা বজাৰ প্ৰাংগণতো আন বছৰৰ দৰে এইবছৰো উদযাপন কৰা হৈছে সৰস্বতী পূজা।বিশেষকৈ এইবছৰ কভিডৰ কিছু বাধা বাধ্যকতাৰ বাবে স্কুল সমূহ বন্ধ হৈ থকাৰ বাবে এই বৰা বজাৰ পূজা স্থলীত কিছু ভিৰ পৰিলক্ষিত হৈছে।

লগতে টীয়কৰ আন এক উল্লেখনীয় শিক্ষা অনুষ্ঠান টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমিটো আজিৰ দিনটোত দেখা গ’ল এক সুন্দৰ পৰিবেশ। কভিড নীতি নিয়ম সুন্দৰ কৈ পালন কৰি সকলো মিলিজুলি উদযাপন কৰা দেখা গৈছে সৰস্বতী পূজা।

এইবাৰ পূজাত কিছু কায্যসূচী কভিডৰ বাবে বাতিল কৰিবলগীয়া হৈছে যদিও অনাগত দিনত পৰিবেশ কিছু সুস্থিৰ হ’লেই আন বছৰ বোৰৰ দৰে উলহ মালহৰে সৰস্বতী পূজা ভাগ অনুষ্ঠিত কৰিবলৈ মনত আশা পুহি ৰাখিছে উদ্যোক্তাসকলে।