NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

অস্কাৰৰ দৌৰত দলিত মহিলা সাংবাদিকৰ গাঁথা ‘ৰাইটিং উইথ ফায়াৰ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 9, 2022 8:12 am
Writing With Fire

এই বৰ্ষৰ অস্কাৰ বঁটাৰ বাবে মনোনীত হৈছে এখন বিশেষ ছবি। চলচ্চিত্ৰ নিৰ্মাতা সুস্মিত ঘোষ আৰু ৰিণ্টু থমাছৰ ‘ৰাইটিং উইথ ফায়াৰ’ক শ্ৰেষ্ঠ তথ্যচিত্ৰ ফিচাৰৰ বাবে মনোনীত কৰা হৈছে।

অস্কাৰৰ এই শাখাত মনোনীত হোৱা প্ৰথম ভাৰতীয় তথ্যচিত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে ৰাইটিং উইথ ফায়াৰে।

ৰাইটিং উইথ ফায়াৰে দলিত মহিলা সাংবাদিকৰ দ্বাৰা পৰিচালিত বাতৰি কাকত ‘খবৰ লাহাৰিয়া’ৰ কাহিনী প্ৰতিফলন কৰিছে।

 

দেশৰ কিছুমান সমস্যাগ্ৰস্ত অঞ্চলত বাতৰি কভাৰ কৰা প্ৰকাশনৰ মুখ্য প্ৰতিবেদক আৰু অপৰাধ প্ৰতিবেদকক ইয়াত অনুসৰণ কৰা হৈছে।

এই তথ্যচিত্ৰখন চলচ্চিত্ৰ নিৰ্মাতা যুটি সুস্মিত ঘোষ আৰু ৰিণ্টু থমাছৰ দ্বাৰা পৰিচালিত, প্ৰযোজনা আৰু সম্পাদনা কৰা হৈছে।

চলচ্চিত্ৰ মহোৎসৱত বিশেষ সমাদৰ লাভ কৰা ৰাইটিং উইথ ফায়াৰে ইতিমধ্যে কেইবাটাও পুৰস্কাৰ লাভ কৰিছে। ইয়াৰ ভিতৰত আছে এক বিশেষ জুৰী বঁটা আৰু চানডেন্স চলচ্চিত্ৰ মহোৎসৱত দৰ্শক বঁটা।

উল্লেখ্য যে ভাৰতত নিৰ্মিত দুখন তথ্যচিত্ৰই ইয়াৰ পূৰ্বে স্মাইল পিঙ্কি আৰু পিৰিয়ড. এণ্ড অৱ চেনটেঞ্চৰ বাবে শ্ৰেষ্ঠ তথ্যচিত্ৰ শ্বৰ্ট শাখাত অস্কাৰ লাভ কৰিছিল।