NORTHEAST NOW (Assamese)
অসম

টীয়কক শীঘ্ৰে মহকুমা হিচাপে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ টীয়ক আছুৰ স্মাৰকপত্ৰ

Posted by: এন ই নাও নিউজ,টিয়ক Updated by: এন ই নাও নিউজ,টিয়ক February 10, 2022 8:05 am

টীয়কক মহকুমা হিচাপে শীঘ্ৰে ঘোষণা কৰাৰ দাবীৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পাপু কলিতা আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্তৰ দ্বাৰা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু যোৰহাটৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে।

স্মাৰকপত্ৰখনিত উল্লেখ থকা অনুসৰি বৃহত্তৰ টীয়ক অঞ্চল জনসংখ্যাৰ গাঁথনিৰ হাৰ অত্যাধিক, কৃষি প্ৰধান অঞ্চল হোৱাৰ উপৰিও ইয়াত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, উপ-কোষাগাৰ, লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়, হস্পিটেল, কেইবাটাও ৰাষ্ট্ৰীয়কৃত বেংককে ধৰি বিভিন্ন অনুষ্ঠান গঢ় লৈ উঠিল যদিও অসম চৰকাৰে কোনো দিনাই টীয়কক মহকুমা হিচাপে গঢ়ি তুলিবলৈ সদিচ্ছা প্ৰকাশ নকৰিলে।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া আৰু মুখ্য সাংগঠনিক সম্পাদক ৰন্টু ভূঞাই ক্ষোভ প্ৰকাশ কৰি কয়, ৯০ৰ দশকৰ পৰাই টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, বিভিন্ন দল-সংগঠন, বিশিষ্ট শিক্ষাবিদ তথা ব্যক্তিসকল আৰু বৃহত্তৰ টীয়কবাসী ৰাইজে টীয়কক মহকুমা হিচাপে ঘোষণা কৰাৰ দাবী জনোৱাৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছতো আজি পৰ্যন্ত গা নলৰিল অসম চৰকাৰৰ।

গতিকে, উক্ত বিষয়টো অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈ অতি সোনকালে টীয়কক মহকুমা হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছে দুয়োজন ছাত্ৰ নেতাই। অন্যথা ৰাইজৰ সহযোগত অনাগত দিনত গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হব বুলি হুংকাৰ প্ৰদান কৰিছে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই।