NORTHEAST NOW (Assamese)
দেশ

আৰক্ষীৰ বৃহৎ সফলতা: আন্ত: ৰাজ্যিক গাঞ্জা সৰবৰাহকাৰী চক্ৰ উৎখাত; ১,৪০০ কিলো গাঞ্জা জব্দ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 10, 2022 5:10 pm
cannabis

গাঞ্জাৰ চোৰাং সৰবৰাহৰ লগত জড়িত এটা আন্তঃৰাজ্যিক চক্ৰ উৎখাত কৰিছে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে। চক্ৰটোৰ পৰা প্ৰায় ১,৪০০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি অন্ধ্ৰ প্ৰদেশৰ ভাইজাগ এজেন্সিৰ পৰা মধ্য প্ৰদেশলৈ এখন লৰীত পৰিবহণ কৰা হৈছিল। আৰক্ষীয়ে ইতিমধ্যে গাঞ্জাসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

“আমি এখন লৰী, গাড়ীৰ সৈতে সামগ্ৰীখিনি জব্দ কৰিছিলো আৰু গাঞ্জা পৰিবহণ কৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছো। গাড়ীখন পাইলট বাহন হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু গাঞ্জাখিনি বগা সামগ্ৰীটো লৰীখনত পৰিবহণ কৰা হৈছিল।” অতিৰিক্ত আৰক্ষী অধীক্ষক এ শ্ৰীনিবাস ৰাৱে সংবাদ মাধ্যমক জনায়।

তেওঁ লগতে কয়, “আমি দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছো। তেওঁলোকৰ ওপৰত অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে আৰু আদালতত হাজিৰ কৰা হ’ব।”

আৰক্ষী বিষয়াজনে লগতে কয় যে বেংকৰ শাখাসমূহত অভিযুক্ত ব্যক্তিকেইজনৰ একাউণ্ট জব্দ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এই একাউণ্টসমূহৰ যোগেদি অপৰাধত নিয়োজিত লোকসকললৈ লাখ লাখ টকা স্থানান্তৰ কৰিছিল বুলি প্ৰকাশ কৰা হৈছে।

ঘটনাটোত এজন ক্ৰেতা, বিক্ৰেতা, মধ্যস্থতাকাৰী আৰু পৰিবহণকাৰীকে ধৰি মুঠ পাঁচজন অভিযুক্ত জড়িত আছে বুলি আৰক্ষী বিষয়াজনে লগতে উল্লেখ কৰে।

ইতিমধ্যে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে বাকী কেইজনকো গ্ৰেপ্তাৰ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।