NORTHEAST NOW (Assamese)
অসম

দৰিদ্ৰতা: ৰাজ্যসভাৰ মজিয়াত ৰাহুল গান্ধীক উভতি ধৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 11, 2022 8:15 pm

দৰিদ্ৰতাৰ প্ৰসংকলৈ আজি ৰাজ্যসভাৰ মজিয়াত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক উভতি ধৰে।

ৰাহুল গান্ধীয়ে ২০১৩ চনতে দৰিদ্ৰতাক এক মানসিক অৱস্থা বুলি মন্তব্য কৰিছিল। সেই মন্তব্যৰ আঁত ধৰিয়েই ৰাহুলক তুলাধুনা দিয়ে সীতাৰমণে।

বিত্তমন্ত্ৰী কয় যে এতিয়া মানসিক অৱস্থা দৰিদ্ৰতা চৰকাৰে নিৰ্মূল কৰিব লাগিব নেকি?’ সীতাৰমণে বিৰোধীক উদ্দেশ্যি কয়— ” অনুগ্ৰহ কৰি স্পষ্ট কৰি দিয়ক, আপোনালোকে মোক নিৰ্মূল কৰিবলৈ কোৱা দৰিদ্ৰতা মানসিক দৰিদ্ৰতা নেকি?’

শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে সীতাৰমণৰ এনে মন্তব্যৰ প্ৰতিবাদ কৰি কয় যে বিত্তমন্ত্ৰীয়ে দৰিদ্ৰ লোকসকলক উপহাস কৰিছে।

সাংসদগৰাকীৰ অভিযোগৰ প্ৰত্যুত্তৰত সীতাৰমণে কয়, “মই দৰিদ্ৰ লোকসকলক উপহাস কৰা নাই। যিজন ব্যক্তিয়ে দৰিদ্ৰ লোকসকলক উপহাস কৰিছিল, আপোনালোকে এতিয়া তেওঁলোকৰ দলৰ সৈতেই মিত্ৰতা কৰিছে।’

কংগ্ৰেছৰ প্ৰাক্তন সভাপতিয়ে কৈছিল দৰিদ্ৰতাৰ অৰ্থ খাদ্য, ধন বা বৈষয়িক বস্তুৰ অভাৱ নহয়। যদি এজনৰ আত্মবিশ্বাস থাকে, তেন্তে এজন লোকে দৰিদ্ৰতাক অতিক্ৰম কৰিব পাৰে।

তেওঁ কৈছিল যে এইটো এটা মানসিক অৱস্থা।

সীতাৰমণে ৰাহুল গান্ধীৰ নাম উল্লেখ নকৰাকৈয়ে সমালোচনা কৰিছিল যদিও তেওঁ যে ৰাহুলৰ কথাই কৈছে সেয়া বুজিবলৈ কাৰো বাকী নৰ’ল।