NORTHEAST NOW (Assamese)
অসম

কামৰূপৰ ঐতিহাসিক বালিসত্ৰ সভা মহোৎসৱত লক্ষাধিক ভক্তই প্ৰজ্বলন কৰিলে আৰিয়া

Posted by: মৃদুল প্ৰীতম ডেকা, কামৰূপ Updated by: মৃদুল প্ৰীতম ডেকা, কামৰূপ February 12, 2022 1:31 pm
Kamrup Sabha Mahatsav

কামৰূপৰ বালিসত্ৰত ঐতিহাসিক সৱাহ মহোৎসৱক লৈ উখল মাখল পৰিবেশ। ৬০০ বছৰীয়া ঐতিহাসিক পৰম্পৰাৰে আজি আৰিয়া প্ৰজ্বলন কৰে ভক্তই।

প্ৰতি বছৰে মাঘ মাহৰ শুক্লা ভৈমি তিথিত পালন কৰা হয় সবাহ মহোৎসৱ। সন্ধিয়া সৎসঙ্গী সত্ৰৰ পৰা শ্ৰীশ্ৰী বংশী গোপালৰ মূৰ্তি বিগ্ৰহলৈ পৰম্পৰাগত শোভাযাত্ৰা কৰি লৈ যোৱা হ’ল সৱাহস্থলীলৈ।

শোভাযাত্ৰা শুভাৰম্ভ কৰি আগবঢ়াই লৈ যায় বিশিষ্ট চিকিৎসক তথা বিজেপিৰ মেডিকেল চেলৰ সহ আহ্বায়ক ডাঃ বেদব্ৰত পাঠকে। শোভাযাত্ৰাত অনন্য পৰিবেশ। আধ্যাত্মিকতাৰ ৰসত যেন বুৰ গ’ল সকলো।

লগতে পঢ়ক: নিজেই অন্তৰ্ভুক্ত কৰা পাঠ্যক্ৰম আঁতৰালে ৰাজ্য চৰকাৰে; নিম্ন প্ৰাথমিকত অন্তৰ্ভুক্ত চাৰিটা নতুন জনজাতীয় ভাষা

সবাহ মহোৎসৱত উপস্থিত হৈ অভিভূত হৈ পৰিল ডাঃ বেদব্ৰত পাঠক। ডাঃ পাঠক উপস্থিত হোৱাৰ পাছতে তেওঁক উষ্ম আদৰণি জনোৱা হয় সবাহ মহোৎসৱলৈ।

এই সৱাহ মহোৎসৱত সৰিয়হ, সূতা, মহুৰা আৰু আৰু মিঠাতেলেৰে প্ৰস্তুত কৰা আৰিয়া প্ৰজ্বলন কৰা হয়।

Kamrup Sabha Mahatsav.png 1
ফটো: নৰ্থইষ্ট নাও।

সন্ধিয়াৰ পৰা ওৰে নিশা লক্ষাধিক ভক্তই আৰিয়াত তেল দি উজাগৰী নিশা কটাই ভক্তই আৰাধনা কৰে বংশী গোপালক। নিশাও আৰিয়াৰ পোহৰে উজলাই ৰাখে সবাহ মহোৎসৱৰ চৌদিশ। লক্ষাধিক ভক্তই এইদৰে আৰিয়া প্ৰজ্বলন কৰে।

লোক বিশ্বাস অনুসৰি এই আৰিয়া প্ৰজ্বলন কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰণ হয় যাৰ বাৱে বছৰ বছৰ ধৰি প্ৰজন্মৰ পাছত প্ৰজন্মই এই ঐতিহাসিক সৱাহ মহোৎসৱত আৰিয়া প্ৰজ্বলন কৰাৰ পৰম্পৰা চলি আহিছে।

লগতে পঢ়ক:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ বিনিতা পাঠকলৈ চাৰ্ব-মহিলা উৎকৰ্ষ বঁটা

এইবেলিও ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বালিসত্ৰত অনুষ্ঠিত হৈছে ঐতিহাসিক সৱাহ মহোৎসৱ। এতিয়া লাখ লাখ ভক্তৰ উপস্থিতিৰে উদুলি মুদুলি বালিসত্ৰৰ সবাহস্থলী।