NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ সোণাৰিত অন্তঃসত্ত্বা মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ ব্যুৰো December 4, 2017 1:54 pm

কিমান নিষ্ঠুৰ হ’ব পাৰে এজন স্বামী । বিবাহপাশত আবদ্ধ হোৱাৰ এবছৰ নৌ হওঁতেই  হৰি প্ৰজা নামৰ এজন ব্যক্তিয়ে হত্যা কৰিলে তেওঁৰ পত্নী সংগীতা প্ৰজাক। জানিব পৰা মতে পাঁচ মাহৰ অন্তঃসত্ত্বা পত্নীক এই স্বামীৰূপী ব্যক্তিজনে গামোচাৰে ডিঙিত চেপি হত্যা কৰি অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ নিচেই কাষতে থকা দুৰ্গম এলেকাত পুতি থয়। প্ৰায় এমাহৰ পিছত আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰে হত্যাকাৰী স্বামী হৰিয়ে। জানিব পৰা মতে, সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত টঙীয়া গাঁৱৰ নিবাসী নবীন প্ৰজাৰ পুত্ৰ হৰি প্ৰজা তেওঁৰ পত্নী সংগীতা আৰু সংগীতাৰ পিতৃ-মাতৃৰ সৈতে সঘনাই কাজিয়াত লিপ্ত হৈ আছিল। হৰিয়ে  পত্নী সংগীতাক সম্পূৰ্ণ পৰিকল্পনাৰে চফ্ৰাই বাগিচাত গাৰ্ডেন শ্ব’ চাই ঘূৰি অহাৰ পথত হত্যা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আজি পুৱা আৰক্ষীৰ উপস্থিতিত পাষাণ হৰি প্ৰজাই  গাঁত খান্দি অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰে সংগীতাৰ মৃতদেহ। ঘটনা সন্দৰ্ভত বৰ্তমানো আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।