NORTHEAST NOW (Assamese)
অসম

গৰুৰ অবৈধ সৰবৰাহ! যোৰহাটত আৰক্ষীয়ে জব্দ কৰিলে গৰুভৰ্তি দুখন ট্ৰাক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2022 10:40 am
WhatsApp-Image-2022-01-30-at-7.51.38-AM

ৰাজ্যত গৰুৰ অবৈধ ব্যৱসায় নিষিদ্ধ হৈ থকাৰ মাজতে যোৰহাট আৰক্ষীয়ে দেওবাৰে নিশা ১০টাকৈ গৰু অবৈধভাৱে কঢ়িয়াই দুখন ট্ৰাক জব্দ কৰে।

আৰক্ষীয়ে ট্ৰাক দুখনৰ লগতে পাঁচজন লোককো আটক কৰে।

আৰক্ষীয়ে কয় যে সূত্ৰসমূহৰ পৰা গৰুৰ অবৈধ সৰবৰাহ কৰাৰ তথ্য লাভ কৰাৰ পিছত তেওঁলোকক আটক কৰা হৈছে।

আটক কৰা কেইজনক আইজুল ইছলাম, ইদুল আহমেদ, পিংকু কলিতা, বীৰেন চৌধুৰী আৰু ৰাকেশ সাহা বুলি চিনাক্ত কৰা হৈছে।

গৰুসমূহৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰোৰে ওচৰত কোনো নথি নাছিল আৰু বাহনকেইখনৰো গৰু বা পশুধন পৰিবহনৰ কোনো অনুমতি নাছিল।

লগতে পঢ়ক: IPL Auction: দুদিন ধৰি চলা নিলামত ১০টা দলে ক্ৰয় কৰিলে মুঠ ২০৪গৰাকী ক্ৰিকেটাৰক; চাওক সম্পূৰ্ণ তালিকা

এই গৰুসমূহ যোৰহাটৰ কোকিলামুখৰ শান্তি আশ্ৰমৰ পৰা নগাওৱৰ আমবাগানলৈ লৈ গৈ আছিল।

আনহাতে, ট্ৰাকৰ চালকে দাবী কৰে যে গৰুসমূহ বোজাই কৰাৰ সময়ত তেওঁলোকক কোৱা হৈছিল যে গুৰসমূহৰ আশ্ৰমখনৰ আৰু তাত কোনো আইনী বাধা নাই।

আৰক্ষীয়ে দাবী কৰে যে তেওঁলোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব কিয়নো তেওঁলোকে কোনো নথিপত্ৰ দেখুৱাব পৰা নাই।