NORTHEAST NOW (Assamese)
অসম

টীয়কত পৌৰসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি বেমেজালি, মিত্ৰজোঁট ভংগ হোৱাৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ,টিয়ক Updated by: এন ই নাও নিউজ,টিয়ক February 15, 2022 6:50 pm

পৌৰসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই নগৰ এলেকাত সম্প্ৰতি প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে।

আজি আৰম্ভ হোৱা টীয়ক পৌৰসভাৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলত এক বিশৃংঙ্খল পৰিবেশৰ সৃষ্টি হয়।

চাৰিটা ৱাৰ্ডেৰে গঠিত টীয়ক নগৰ সমিতি বৰ্ধিত জনসংখ্যাৰে এইবাৰ ১০ ৱাৰ্ডেৰে পৌৰসভালৈ উন্নীত হোৱাত মিত্ৰজোঁট দলৰ বিজেপিৰ ৬ গৰাকী আৰু গণ পৰিষদৰ ৪ গৰাকী প্ৰাৰ্থীৰ মাজত আসন ভাগ বতৰা হয়।

তাৎপৰ্য বিষয় যে আঠ নম্বৰ ৱাৰ্ডত বিজেপি প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাছত একেটা ৱাৰ্ডতে গণ পৰিষদ দলৰো এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাক লৈ এক বিশৃঙ্খল পৰিবেশৰ সৃষ্টি হোৱাত মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া কিছু স্থবিৰ হোৱাৰ লগতে টীয়ক পৌৰসভাত মিত্ৰজোঁট ভংগ হোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ পৰিছে।

ইতিমধ্যে জিলা সভাপতি হেমন্ত কলিতা টীয়কত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে l