NORTHEAST NOW (Assamese)
অসম

ভূ-মাফিয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ সাহসী বে-চৰকাৰী সংস্থাৰ

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী February 16, 2022 5:58 pm

সাহসী বে-চৰকাৰী সংস্থাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষী সঞ্চালক প্রধানলৈ ভূ-মাফিয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছে।

বিশেষকৈ এজাহাৰ দাখিলৰ পিছতো ভূ-মাফিয়াৰ বিৰুদ্ধে নুনমাটি প্রশাসনে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে সংস্থাটোৱে।

গুৱাহাটি মহানগৰীৰ পূব শিৱনাথ পথৰ (মেগজিনত) নৱমিলন উপপথৰ শিল্পীঘৰ পথত কিছু বছৰৰ আগতে একাংশ লোকে স্থানীয় লোকৰ পৰা কিছু মাটি দখলী স্বত্বত ক্ৰয় কৰি এখন গাঁও উন্নয়ন সমিতি গঠন কৰি ৰাস্তা-ঘাট বনাই বিজুলী সংযোগকে আদি কৰি সকলো ব্যৱস্থা কৰি লৈছিল।

আর্থিক দৈন্যতাৰ বাবে ঘৰ সাজি উলিয়াব নোৱাৰাৰ অজুহাত লৈ এটা বৃহৎ মাটিৰ দালাল চক্রৰ সদস্য ক্রমে ধর্মেন্দ্র দলে, দেবেন্দ্ৰ পেগু (ওৰফে কক্), বিশ্বজিৎ পেগু, দেব পেগু, ৰাজকুমাৰ পেগু, ৰিখি কুলি আৰু জনতা দলে আদি মিলি দখলী স্বত্ব ৰখা লোক সকলক ভয় ভাবুকি দি বল প্রয়োগ কৰি মাটিসমূহ বেলেগক বিক্ৰী কৰি আহিছে।

উল্লেযোগ্য যে এই কেইজন লোকে সমগ্ৰ অঞ্চলটোত চৰকাৰী মাটি অবৈধ দখল আৰু বিক্ৰীৰে এই অঞ্চলত এক প্ৰকাৰ সন্ত্রাস সৃষ্টি কৰি আহিছে।

সাহসীৰ তৰফৰপৰা উক্ত ভূ-মাফিয়া কেইজনৰ ওপৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি এই বিষয়টোৰ ওপৰত নুনমাটি থানাৰ আৰক্ষী বিষয়াক লিখিত ৰূপত দিয়া হৈছিল।

কিন্তু আজি প্রযন্ত এই ভূ-মাফিয়া কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ নুনমাটি আৰক্ষীয়ে সক্ষম নহ’ল।

এই সন্দৰ্ভত সাহসী বে-চৰকাৰী সংস্থাৰ তৰফৰ পৰা সকীয়নী প্ৰদান কৰে সাহসী বে-চৰকাৰী সংস্থাৰ সভাপতি তৃষ্ণা নাথে। তেওঁ কয় ” ভূ-মাফিয়া সন্দৰ্ভত যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা আৰক্ষী সঞ্চালক প্ৰধানে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে ১৮ খন জিলাৰ লোকে আহি গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব।”