NORTHEAST NOW (Assamese)
অসম

প্ৰয়াসৰ চোতালত অধ্যাপিকা ড৹ অজন্তা ৰাজখোৱাৰ তিনিখন গ্ৰন্থ উন্মোচন

Posted by: উত্তম শইকীয়া ,বোকাখাত Updated by: উত্তম শইকীয়া ,বোকাখাত February 17, 2022 8:11 am

প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু কমলেশ্বৰ ৰাজখোৱা ফাউণ্ডেশনৰ সহযোগত বোকাখাত জাতীয় বিদ্যালয়ৰ বকুল তলত ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ অজন্তা ৰাজখোৱাৰ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়।

বকুলতলৰ অনুষ্ঠানত ড৹ অজন্তা ৰাজখোৱাৰ”১২গৰাকী অসাধাৰণ অসমীয়া নাৰী” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ড৹ লুকুমনি গোস্বামীয়ে, “পখীৰ পৃথিবীত হিয়া” নামৰ শিশু গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট কবি সাহিত্যিক দিলীপ ফুকনে” আৰু “বিষয়ঃ নাৰী” শীৰ্ষক গ্ৰন্থ খনি উন্মোচন কৰে বিশিষ্ট কবি তথা প্ৰয়াসৰ সভাপতি নিজৰা বৰঠাকুৰে।

অনুষ্ঠানত কমলেশ্বৰ ৰাজখোৱা ফাউন্ডেশনৰ সভাপতি অমূল্য বৰা, জে, ডি, এছ,জি মহাবিদ্যালয়ৰ অধ্যাপক ড৹ অৰুন বৰা, আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া, প্ৰয়াত কমলেশ্বৰ ৰাজখোৱাৰ পত্নী নীলিমা ৰাজখোৱা, ড৹ ৰুবী বৰা,পুতলী খাওণ্ড, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, ভবানন্দ কলিতাকে আদি অঞ্চলটোৰ ভালে সংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানত নীলাক্ষী হাজৰিকা, সুদেষ্ণা তামূলী, জুৰি ৰাজখোৱা আদিয়ে গীত পৰিৱেশন আৰু গীতা ৰাজখোৱাৰ কবিতা আবৃত্তিয়ে সৌষ্ঠৱ বৃদ্ধি কৰে।

সভাত উপস্থিত থাকি বিশিষ্ট সাংবাদিক ভৱেশ শইকীয়াই ” প্ৰগতিবাদী সমাজ ব্যৱস্থাৰ অবিহনে এখন সুস্থ-সৱল ,সমতা-সম্প্ৰীতিৰে ভৰা সমাজ বৰ্তি নাথাকে” বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

লেখিকা ড৹ অজন্তা ৰাজখোৱাই নিজৰ মতপ্ৰকাশৰ বেলিকা গ্ৰন্থ সমূহৰ সৃষ্টিৰ আঁৰৰ প্ৰেৰণা দায়ক কথাখিনি ব্যক্ত কৰে ।প্ৰয়াসৰ অন্যতম সদস্য তথা কবি মনালিছা শইকীয়াই আঁত ধৰা অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে প্ৰয়াসৰ মুখ্য সম্পাদক সোণেশ্বৰ নৰহে।