NORTHEAST NOW (Assamese)
অসম

পৌৰসভা নিৰ্বাচন সন্দৰ্ভত বঙাইগাঁও জিলা প্ৰশাসনৰ সংবাদমেল

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও February 17, 2022 8:27 am

অহা ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে যাৱতীয় সকলো প্ৰস্তুতি অব্যাহত ৰাখিছে ৷

 জিলা প্ৰশাসনৰ তৰফৰ পৰা বঙাইগাঁও পৌৰসভা নিৰ্বাচন ২০২২ সন্দৰ্ভত অতিৰিক্ত উপায়ুক্ত তথা বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ কৰ্তৃত্বপ্ৰাপ্ত বিষয়া পংকজ চমুৱাই এক সংবাদ মেল আয়োজন কৰি পৌৰসভা নিৰ্বাচনৰ বিভিন্ন তথ্য সাংবাদিকসকলক দাঙি ধৰে।

অতিৰিক্ত উপায়ুক্তগৰাকীয়ে জনায় যে বঙাইগাঁও পৌৰসভাত মুঠ ২৫ টা ৱাৰ্ড আছে আৰু ভোটগ্ৰহণ কেন্দ্ৰ আছে ৪৪ টা। পৌৰসভা এলেকাত মুঠ ভোটাৰ আছে ৪০,৫৫২ গৰাকী।

ইয়াৰ ভিতৰত ১৯,৯৫১ গৰাকী পুৰুষ ভোটাৰ আৰু ২০,৬০১ গৰাকী মহিলা ভোটাৰ ৷ বঙাইগাঁও পৌৰসভা এলেকাৰ আটাইতকৈ বেছি ভোটাৰ থকা ৱাৰ্ডটো হৈছে ১২ নং ৱাৰ্ড আৰু এই ৱাৰ্ডটোত ৩,৫৭৬ গৰাকী ভোটাৰ আছে।

আনহাতে আটাইতকৈ কম ভোটাৰ থকা ৱাৰ্ডটো হ’ল ৪ নং ৱাৰ্ড আৰু এই ৱাৰ্ডটোত ৮৯৩ গৰাকী ভোটাৰ আছে। সেইদৰে শালবাৰী এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক ১,৪৮১ গৰাকী ভোটাৰ থকাৰ বিপৰীতে হৰিৰাম মহেশ্বৰী হিন্দী এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত মাত্ৰ ৩৯৯ গৰাকী ভোটাৰ আছে ৷

পৌৰসভা নিৰ্বাচনৰ বাবে নিযুক্ত প্ৰিজাইডিং আৰু পোলিং বিষয়াসকলক ১৯ আৰু ২৬ ফেব্ৰুৱাৰীত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷ আনহাতে ২৮ ফেব্ৰুৱাৰীত সকলোকে চূড়ান্ত পৰ্য়ায়ৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও অতিৰিক্ত উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বঙাইগাঁও পৌৰসভা নিৰ্বাচনত ইভি এম যোগে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

ইপিনে পৌৰসভা এলেকাৰ ১১ টা ৱাৰ্ডত কেৱল এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ থকাৰ বিপৰীতে ৯ টা ৱাৰ্ডত দুটাকৈ আৰু ৫ টা ৱাৰ্ডত তিনিটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ আছে ৷

অতিৰিক্ত উপায়ুক্তগৰাকীয়ে পৌৰসভা নিৰ্বাচন স্বচ্ছ,নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলোৰে সহায় – সহযোগিতা বিচাৰি এইক্ষেত্ৰত সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে ৷ সংবাদমেলত নিৰ্বাচনী বিষয়া তথা বঙাইগাঁও সদৰ মহকুমাধিপতি মগেন নহৰো উপস্থিত আছিল ৷