NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ উদযাপন,বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই কাঢ়িলে সকলোৰে দৃষ্টি

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ February 17, 2022 9:25 am

উত্তৰ অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ত উদযাপন কৰা হৈছে মহাবিদ্যালয় সপ্তাহ ।

ৰাজ্য চৰকাৰে কভিদ বিধি প্ৰত্যাহাৰ কৰাৰ পিছতে সুদীৰ্ঘ দুটা বছৰৰ পিছত মহাবিদ্যালয়ৰ চৌহদত দেখিবলৈ পোৱা গল নানাৰঙী বস্ত্ৰ পৰিধান কৰা মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী ।

কালি মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উলিওৱা হয়।

এই শোভাযাত্ৰাত মহাবিদ্যালয়খনৰ প্ৰায় ১৯ টা বিভাগৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন সাংস্কৃতিক পৰম্পৰাৰ লগতে অসমৰ থলুৱা সংস্কৃতিৰ প্ৰতিচ্ছবি দাঙি ধৰাৰ প্ৰয়াস কৰে ।

সপ্তাহ যোৰা কাৰ্যসূচীৰে বিভিন্ন ধৰণৰ খেল-ধেমালিৰ মাজেৰে উখল-মাখল হৈ পৰে মহাবিদ্যালয়ৰ চৌহদ । আজি অন্তিমটো দিনৰ কাৰ্যসূচীৰে মহাবদ্যিালয় সপ্তাহৰ সামৰণি পৰিব।