NORTHEAST NOW (Assamese)
অসম

এইমাত্ৰ অহা খবৰ: বিশিষ্ট সাংবাদিক প্ৰতাপ বৰদলৈৰ মৃত্যু

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 19, 2022 8:35 am

ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক, সম্পাদক প্ৰতাপ বৰদলৈৰ মৃত্যু ঘটিছে।

শুকুৰবাৰে নিশা গুৱাহাটীৰ জু তিনিআলিত থকা নিজা বাসভৱনত বৰদলৈৰ মৃত্যু ঘটে ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৩ বছৰ।

অসমত টেলিভিছন সাংবাদিকতাৰ নতুন ধাৰাৰ সৃষ্টিত অনবদ্য অৱদান আগবঢ়োৱা প্ৰতাপ বৰদলৈয়ে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত উপ-সঞ্চালক হিচাবে কাৰ্যনিৰ্বাহ কৰাৰ উপৰি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত বাতৰি পৰিৱেশক হিচাবেও বেছ জনপ্ৰিয়তা অৰ্জন কৰিছিল।

তেওঁ নিউজ টাইম আছাম নামৰ ছেটেলাইট টেলিভিছন চেনেলটোৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ডি ৱাই ৩৬৫ৰ লগতো জড়িত আছিল।

অসমীয়া দৈনিক কাকত ‘এদিনৰ সংবাদ’ৰো তেওঁ মুখ্য সম্পাদক আছিল।

দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা বৰদলৈৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে শোকস্তব্ধ হৈ পৰে তেওঁৰ অনুৰাগী তথা শুভাকাংক্ষীসকল।

মৃত্যুৰ সময়ত বৰদলৈয়ে পত্নীৰ লগতে দুই কন্যা আৰু পুত্ৰক এৰি থৈ গৈছে।