NORTHEAST NOW (Assamese)
দেশ

বিতৰ্কিত ধৰ্ম গুৰু গুৰমিত ৰাম ৰহিম সিঙক জেড কেটেগৰীৰ নিৰাপত্তা বিজেপি চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2022 7:06 pm
Gurmeet Ram Rahim Singh

জেলৰ পৰা মুকলি হোৱাৰ পাছতে জেড কেটেগৰীৰ নিৰাপত্তা লাভ কৰিছে বিতৰ্কিত ধৰ্মগুৰু গুৰমিত ৰাম ৰহিম সিঙে। ডেৰা চাছা চৌদা নামৰ এটা পন্থাৰ গুৰু সিঙক এই নিৰাপত্তা প্ৰদান কৰিছে হাৰিয়ানাৰ বিজেপি চৰকাৰে।

ধৰ্মগুৰুজনে খালিস্তানীপন্থীৰ পৰা ভাবুকি লাভ কৰাৰ বাবে এই নিৰাপত্তা লাভ কৰিছে বুলি কোৱা হৈছে।

উল্লেখযোগ্য যে ৫৪ বৰ্ষীয় বিতৰ্কিত ধৰ্মগুৰুজন বৰ্তমান যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ আছে। তেওঁ প্ৰাক্তন সাংবাদিক ৰামচন্দ্ৰ চট্ৰপটীক হত্যা আৰু নিজৰ দুগৰাকী শিষ্যাক ধৰ্ষণৰ দৰে বৃহৎ অভিযোগত অভিযুক্ত হৈ আছে।

ৰহটাকৰ চুনাৰীয়া জেলত কাৰাবন্দী হৈ থকা ধৰ্মগুৰুজনে ৭ ফেব্ৰুৱাৰীত ২১ দিনীয়া জামিন লাভ কৰিছিল।

এতিয়া হত্যা আৰু ধৰ্ষণৰ দৰে গোচৰত কাৰাবাস খাটি থকা ধৰ্মগুৰুজনক এইদৰে জেড কেটেগৰী নিৰাপত্তা প্ৰদান কৰাৰ বিষয়টোৱে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বহুতে ক’ব খোজে যে পঞ্জাৱ আৰু উত্তৰ প্ৰদেশত ধৰ্মগুৰুজনৰ অনেক ভক্ত আছে।

তেওঁলোকক সন্তুষ্ট কৰিবলৈকে হাৰিয়ানাৰ বিজেপি চৰকাৰে ধৰ্মগুৰুজনক এই নিৰাপত্তা প্ৰদান কৰিছে।