NORTHEAST NOW (Assamese)
অসম

চেন্নাইত হত্যাৰ বলি হ’ল অসমৰ তামুলপুৰৰ যুৱক

Posted by: দীপক কুমাৰ পাঠক, বাক্সা Updated by: দীপক কুমাৰ পাঠক, বাক্সা February 23, 2022 7:03 pm

পুনৰ বহিঃৰাজ্যত অসমৰ যুবকৰ মৃত্যুক কেন্দ্ৰ কৰি তামুলপুৰত চাঞ্চল্যৰ সৃষ্টি হৈছে।

তামিলনাডুৰ চেন্নাইত মৃত্যু অসমৰ তামুলপুৰৰ যুৱকৰ।

চাৰিবছৰ ধৰি চেন্নাইৰ এটি কোম্পানীত কৰ্মৰত আছিল যুৱকজন৷

মৃত যুৱকজনৰ তামুলপুৰ জিলা সদৰৰ বাৰেইগাঁৱৰ দীনেশ দাসৰ পুত্ৰ ২৮ বছৰীয়া প্ৰাঞ্জল দাস বুলি জানিব পৰা গৈছে।
চাৰিবছৰ ধৰি চেন্নাইৰ S I S security and Intelligence Services ৰ অধীনত কৰ্মৰত আছিল যুৱক জন ৷

যোৱা ২১ ফেব্ৰুৱাৰীত প্ৰাঞ্জলৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিছিল পৰিয়ালে ৷

প্ৰাঞ্জলৰ মৃত্যুক সহজ ভাৱে লব পৰা নাই পৰিয়ালৰ লোকে ৷

জানিব পৰা মতে সতীৰ্থ যুৱক এজনে ভাত খাবলৈ নিমন্ত্ৰণ কৰিছিল প্ৰাঞ্জলক। সিদিনা পুৱা মাতৃৰ সৈতে কথাও পাতিছিল প্ৰাঞ্জলে।

দিনৰ ভাগত প্ৰাঞ্জলৰ মৃত্যুৰ খবৰ লাভ কৰিছিল পৰিয়ালৰ লোকে।

সতীৰ্থ যুৱকজনে হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷

ইতিমধ্যে চেন্নাইৰ গুণ্ডি থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷

যুৱক জনৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালে ।