NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

অৱশেষত আলোচনা: ৰাছিয়াই বিচাৰে চুক্তি; ইউক্ৰেইনৰ দাবী তাৎক্ষণিক যুদ্ধবিৰতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2022 4:41 pm
Russia-Ukraine War

ক্ৰমাৎ তীব্ৰতৰ হৈ উঠা যুদ্ধৰ মাজতে আলোচনাত বহিছে ৰাছিয়া আৰু ইউক্ৰেইন। ৰাছিয়াৰ আক্ৰমণক শক্তিশালী ৰূপত প্ৰতিহত কৰিলেও দেশৰ মুখ্য চহৰসমূহৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখাৰ বাবে ইউক্ৰেইনে ৰাছিয়াৰ সৈতে আলোচনাৰ পথেৰে আগবাঢ়িবলৈ ইচ্ছুক বুলি প্ৰকাশ কৰিছে।

আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাছিয়াৰ আগ্ৰাসী চৰিত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াও আলোচনাৰ বাবে সন্মত হৈছে।

সম্প্ৰতি বেলাৰুছত দুয়োপক্ষৰ মাজত চলি থকা আলোচনাৰ পূৰ্বে ৰাছিয়াৰ এজন প্ৰতিনিধিয়ে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে এক চুক্তিত উপনীত হ’ব বিচাৰে বুলি মন্তব্য কৰে।

আনহাতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে তাৎক্ষণিক যুদ্ধবিৰতি আৰু ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্য প্ৰত্যাহাৰ দাবী কৰিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যোৱা নিশা দেশৰ প্ৰতিৰক্ষা প্ৰধানসকলক পাৰমাণৱিক প্ৰতিৰোধ বাহিনীক সতৰ্ক হ’বলৈ নিৰ্দেশ দিয়াৰ প্ৰায় পিছতে ইউক্ৰেইন আলোচনাৰ বাবে সন্মত হৈছিল।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি আৰু বেলাৰুছৰ নেতা আলেকজেণ্ডাৰ লুকাচেঙ্কোৰ মাজত হোৱা আলোচনাৰ পিছত বেলাৰুছ সীমান্তৰ চেৰনোবিল ক্ষেত্ৰৰ ওচৰত ৰাছিয়াৰ সৈতে আলোচনা কৰিবলৈ সন্মত হৈছিল।

উল্লেখ্য যে ইউক্ৰেইনে ইয়াৰ পূৰ্বে বেলাৰুছত আলোচনাত মিলিত হ’বলৈ অস্বীকাৰ কৰিছিল। আক্ৰমণৰ পূৰ্বে ৰাছিয়াৰ সৈন্য বাহিনী বেলাৰুছত ইউক্ৰেইন আক্ৰমণৰ বাবে সাজু কৰি ৰাখিছিল।