NORTHEAST NOW (Assamese)
অসম

যুদ্ধৰ আঁৰৰ যুদ্ধ! ৰাষ্ট্ৰসংঘৰ ১২গৰাকী কূটনীতিকক বহিস্কাৰ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 1, 2022 11:54 am
Cropped-1646083971photo

আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘত কৰ্মৰত ১২গৰাকী কূটনীতিকক বহিস্কাৰ কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দোহাই দি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কোৱা হৈছে।

ৰাষ্ট্ৰসংঘত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দাবী যে ৰাছিয়াৰ কূটনীতিকসকলৰ চোৰাংচোৱামূলক কামকাজ তথা গুপ্তচৰবৃত্তি তেওঁলোকৰ দেশৰ বাবে এক ভাবুকিস্বৰূপ।

যুক্তৰাষ্ট্ৰ মিছনৰ মুখপাত্ৰ অলিভিয়া ডেল্টনে কয় যে কেইবামাহো ধৰি ৰাছিয়াৰ কূটনীতিকসকলৰ চোৰাংচোৱা তথা গুপ্তচৰবৃত্তিৰ কামকাজ চলিছে।

লগতে পঢ়ক: ৰাছিয়াৰ সেনা বাহিনীয়ে এইবাৰ আক্ৰমণ চলাইছে খেৰছনত; বিস্ফোৰণত কঁপি উঠিছে চহৰ

আনহাতে, ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ভাছিলি নিবেনোজিয়াই সংবামাধ্যমক জানিবলৈ  দিয়ে যে দেশখনৰ কূটনীতিকসকলক ৭ মাৰ্চৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ ত্যাগ কৰিবলৈ কোৱা হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰদূতগৰাকীয়ে লগতে কয় যে ৰাছিয়াই অৱশ্যেই এই বহিস্কাৰৰ প্ৰত্যুত্তৰ দিব।

ৰাষ্ট্ৰদূত ভাছিলিয়ে এই বিষয়টোক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকতো অভিযোগ কৰিছে। তেওঁ কয় যে আমেৰিকাৰ এই পদক্ষেপ শত্ৰুতামূলক আৰু ৰাষ্ট্ৰসংঘৰ সদৰ কাৰ্যালয়ৰ গৰাকী দেশ হিচাপে ই প্ৰতিশ্ৰুতি উ লংঘা কৰিছে।

লগতে পঢ়ক: ক্ৰীড়াতো পৰিল যুদ্ধৰ প্ৰভাৱ! ফিফা-উৱেফাই নিষিদ্ধ কৰিলে ৰাছিয়াক

ইপিনে, ৰাষ্ট্ৰসংঘত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰদূত ৰিচাৰ্ড মিলছে কয় যে তেওঁলোকক আমেৰিকা এৰিবলৈ কোৱা হৈছে যাতে তেওঁলোকে দেশখনৰ কোনো ক্ষতি কৰিব নোৱাৰে।